ইলেক্ট্ৰ’ৰেল বণ্ড সন্দৰ্ভত মহামান্য উচ্চতম ন্যায়ালৰ ৰায়দান বিজেপিৰ দুৰ্নীতি আৰু অপৰাধৰ বিৰুদ্ধে এক মোক্ষম আঘাত

ইলেক্ট্ৰ’ৰেল বণ্ড সন্দৰ্ভত মহামান্য উচ্চতম ন্যায়ালৰ ৰায়দান বিজেপিৰ দুৰ্নীতি আৰু অপৰাধৰ বিৰুদ্ধে এক মোক্ষম আঘাত

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ইলেক্ট্ৰ’ৰেল বণ্ড সন্দৰ্ভত কালি ১৫ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে মহামান্য উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানৰ সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্ৰী ৰিপুণ বৰাই সংবাদমেল সম্বোধন কৰে। মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ নেতৃত্বত ৫ জনীয়া বিচাৰকৰ বিচাৰপীঠে বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা “ইলেক্ট্ৰ’ৰেল বণ্ড” সন্দৰ্ভত যি ঐতিহাসিক ৰায়দান কৰিলে সেই ৰায়দানক অসম তৃণমূল কংগ্ৰেছে আদৰণি জনাইছে৷ সভাপতি ৰিপুণ বৰাই কয় যে, বিজেপি চৰকাৰে বিগত সময়চোৱাত এই “ইলেক্ট্ৰ’ৰেল বণ্ড”ৰ সহায়ত বিভিন্ন পুঁজিপতি, উদ্যোগপতি, ব্যৱসায়ী আৰু কৰ্পৰেট গোষ্ঠীৰ পৰা ভয় ভাবুকিৰে যি ধৰণে বৃহৎ পৰিমাণৰ দলীয়/নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰি ধনবলৰে নিৰ্বাচন সমূহ জিকিছিল ই গণতন্ত্ৰৰ প্ৰতি এক ভয়ানক প্ৰত্যাহ্বান৷ কালি মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়দানযোগে এই “ইলেক্ট্ৰ’ৰেল বণ্ড” বে-আইনী আৰু ইয়াক নিষিদ্ধ কৰি যি আদেশ জাৰি কৰিলে ইয়াৰ ফলত বিজেপিৰ আমোলত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা গণতন্ত্ৰ কিছু পৰিমাণে হলেওঁ সুৰক্ষিত হ’ব৷ কালি মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পৰা এই কথা স্পষ্ট হ’ল যে ২০১৭ চনত তদানীন্তন বিজেপি চৰকাৰৰ বিত্তমন্ত্ৰী প্ৰয়াত অৰুণ জেটলীয়ে “Money Bill”ৰ অধীনত এই ইলেক্ট্ৰ’ৰেল বণ্ড সংসদত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা থকাৰ সুযোগ লৈ গ্ৰহণ কৰিছিলে কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ পৰা এই কথা স্পষ্ট হ’ল যে বিজেপি চৰকাৰে উক্ত আইন কোনো দেশৰ স্বাৰ্থত প্ৰণয়ন কৰা নাছিল, একমাত্ৰ তেওঁলোকৰ নিৰ্বাচনী পুঁজি শক্তিশালী কৰাৰ স্বাৰ্থতহে ভাৰতীয় সংবিধানৰ ১৯ নং অনুচ্ছেদ ভংগ কৰি এই আইন প্ৰণয়ন কৰিছিল৷ আনকি “ইলেক্ট্ৰ’ৰেল বণ্ড” সন্দৰ্ভীয় আইন গৃহীত হোৱাৰ পাছত ২০১৭ চনত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই মোডী চৰকাৰক সাৱধান কৰি দিছিল যে এই আইনৰ মাধ্যমেদি বহু ব্যৱসায়ীক গোষ্ঠীয়ে “মানি লন্ডেৰিং”ৰ দৰে আইন বিৰুধী কাম কৰিবলৈ সুযোগ পাব কিন্তু দুৰ্নীতিৰ প্ৰতি শূণ্য সহনশীলতাৰ শ্লোগান দিয়া আৰু না খাউংগা—না খানে দুংগা শ্লোগান দিয়া বিজেপি চৰকাৰে ৰিজাৰ্ভ বেংকৰ এই সাৱধানবাণীৰ প্ৰতি কোনো কৰ্ণপাত নকৰিলে৷ ইয়াৰ লগতে তেখেতে উল্লেখ কৰে যে, “Association for Democratic Reform (ADR) নামৰ সংস্থাটোৰ তথ্য অনুযায়ী এতিয়ালৈকে “ইলেক্ট্ৰ’ৰেল বণ্ড” যোগে বিভিন্ন ৰাজনৈতিক দলক যিমান অনুদান দিছে তাৰ ভিতৰত ৫৪.৮% অৰ্থাৎ ১০,১২২ কোটি টকাৰ পুঁজি একমাত্ৰ বিজেপি দলে লাভ কৰিছে৷ ইয়াৰ পৰা এইটো স্পষ্ট হ’ল যে, বিজেপি চৰকাৰে ভয় ভাবুকি আৰু বলপূৰ্বকভাৱে লগতে বিভিন্ন ব্যৱসায়িক অনুষ্ঠান বিলাকক বেকা পথেৰে উপাৰ্জন কৰিবলৈ সুবিধা দি এনে পৰ্বতসম বৃহৎ পৰিমাণৰ নিৰ্বাচনী পুঁজি সংগ্ৰহ কৰিছে৷ এয়া গণতন্ত্ৰৰ বাবে অতি ভয়াবহ৷ ভাৰতবৰ্ষত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ৯০ কোটি৷ প্ৰতিজন ভোটাৰৰ নামত বিজেপিৰ সংগৃহীত পুঁজিৰ পৰিমাণ প্ৰায় ১১ লাখ টকা ৷ এনে বৃহৎ পৰিমাণৰ পুঁজি বিজেপিয়ে নিৰ্বাচনত ব্যৱহাৰ কৰা আৰু দৰিদ্ৰ জনসাধাৰণক এই বিপুল ধনবলেৰে লোভিত আৰু প্ৰভাৱান্বিত কৰি নিৰ্বাচন জিকি আমাৰ দেশৰ গণতন্ত্ৰক ধ্বংস কৰিব বিচাৰিছে। আনহাতে য’ত মানুহে ভালকৈ খাবলৈ পোৱা নাই, যিখন দেশৰ আন্তৰ্জাতিক পৰ্য্যায়ত হাংগাৰ ইনডেক্সত ১২৫ খন দেশৰ ভিতৰত স্থান ১১১ তেনে এখন দেশত বিজেপিয়ে এনে বৃহৎ পৰিমাণৰ পুঁজি কেৱল নিৰ্বাচনী প্ৰচাৰত খৰচ কৰাতো অক্ষমণীয় অপৰাধ৷”