ইয়াত আৰু মই বেছিদিন নাথাকোঁ
বলিন বৰদলৈ
আলামি, গোলাঘাট
ইয়াত আৰু মই বেছিদিন নাথাকিম কিজানি
অশেষ কষ্ট ও ত্যাগেৰে এখন যান কিনি
গুচি যাম মঙ্গল গ্ৰহলৈ –
কি আশা কৰিম ? কাক ভৰসা কৰিম ?
ক’ত আছে ভৰসাৰ স্থল ?
সীমান্তত নগাৰ ভূমি বেদখল ৰাজ চলিছে
বঙহে বঙহৰ খাইছে মঙহ
প্ৰেমৰ নামত প্ৰতাৰণা,বিশ্বাসঘাটকতা
চৰকাৰী চাকৰিৰ নামত ভেটি লোৱা
বিবাহৰ নামত যৌতুক অন্যথা কন্যা জীৱন্তে দাহ
তাৰ স’তে মোৰ সহবাস । ৰাজপথত কিশোৰীক
উলংগ কৰি ধৰ্ষণেৰে আমেজ লয় ।
গৰ্ভৰ কন্যা ভ্ৰুণ গৰ্ভতে নষ্ট ।
জানানে এতিয়াও ইয়াত একবিংশ শতিকাৰ
সভ্যতা বিকাশৰ পোহৰ পৰা নাই ।
সভ্যতা বিকাশৰ পোহৰ পৰা নাই ।
বানপানী,ভূমিকম্প,খৰাঙে সৰ্বশ্ৰান্ত কৰিছে
বন্য জীৱ-জন্তু, গছ-গছনি,অভয়াৰণ্য মাৰি কাটি
এফালৰপৰা কৰিছে ধ্বংস যজ্ঞৰ আয়োজন
এফালৰপৰা কৰিছে ধ্বংস যজ্ঞৰ আয়োজন
স্বতিৰে উশাহ-নিশাহ ল’ব পৰা নাই ।
সেয়ে ইয়াত আৰু মই বেছিদিন নাথাকিম
গুচি যাম মঙ্গল গ্ৰহলৈ, এটুকুৰা মাটি কিনি
আটোমটোকাৰীকৈ সাজিম এটা পঁজা
সুখেৰে কটাম অনাগত দিন কেইটা ।