ইয়াতে এখন গাঁও আছিল – ছেলিমা বেগম

PC - Freepik
ইয়াতে এখন গাঁও আছিল
ছেলিমা বেগম, নগাঁও 
ইয়াতে এখন গাঁও আছিল,
মোৰ শৈশৱ ইয়াত হেৰাই আছে
লগৰীয়াৰ লগত খেল খেলি
 শৈশৱ পাৰ কৰিছিলোঁ।
আমাৰ গাঁৱত অৱস্থিত আছিল
মন্দিৰ, মছজিদ হিন্দু, মুছলিম
সকলো আছিল শঙ্কৰ গুৰু
আজান ফকীৰৰ মিলনভূমি আছিল।
অসমৰ জাতীয় উৎসৱ, ধৰ্মীয় উৎসৱ
 পালন কৰা হৈছিল উভয়ৰ মাজত
অনুষ্ঠান প্ৰতিষ্ঠান সকলো আছিল।
ঋতু পৰিৱৰ্তনৰ হৈছিল মহাকৰ্ষণৰ
 নীতি অনুসৰণ কৰি।
কিন্তু আমি যে নৈপৰীয়া
মৰমৰ গাঁও খনক বৰ ভাল
পাইছিলোঁ কালৰ গতিত থান বান
হৈ গৈছে গৰা খহনীয়াই কাল হ’ল।
হেঁপাহৰ গাঁও খনলৈ মনত পৰিলে
শৈশৱৰ স্মৃতি বোৰ মনৰ ভিতৰত
খুন্দা মাৰি প্ৰচণ্ড আঘাত পায় থাকে।
নৈৰ সোঁতত বিলুপ্ত হৈ গ’ল নৈৰ বুকুত
পোত খাই সকলো ধ্বংস হৈ যায়
এতিয়া মাথোঁ হাহাকাৰ ক’লৈ যাওঁ
কি কৰোঁ চৌদিশে শূন্য।
দিশ হেৰাই আশ্ৰয় মথাউৰিত
শৈশৱৰ গাঁওখন চিৰদিনৰ
 বাবে নিঃশেষ হৈ গ’ল মাথোঁ
স্মৃতি বোৰ চিৰস্থায়ী হৈ মনত
মাজত সিঁচৰতি হৈ থাকিব।