“ইমাৰ্জিং লিটাৰেৰী ট্ৰেণ্ডছ ইন দ্য নৰ্থ ইষ্ট ইণ্ডিয়া” শীৰ্ষক আলোচনা সত্ৰ

“ইমাৰ্জিং লিটাৰেৰী ট্ৰেণ্ডছ ইন দ্য নৰ্থ ইষ্ট ইণ্ডিয়া” শীৰ্ষক আলোচনা সত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  নেছনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া চমুকৈ এন বি টিৰ উদ্যোগত দেশৰ ৰাজধানীত ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত “নতুন দিল্লী ৱৰ্ল্ড বুক ফেয়াৰ”ত  আয়োজন কৰা হয় “ইমাৰ্জিং লিটাৰেৰী ট্ৰেণ্ডছ ইন দ্য নৰ্থ ইষ্ট ইণ্ডিয়া” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ ৷ঐতিহাসিক প্ৰগতি ময়দানত সন্ধিয়া ৫ বজাৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা আলোচনা সত্ৰখন পৰিচালনা কৰে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক , বিশিষ্ট লেখিকা ড° ৰত্নোত্তমা দাস বিক্ৰমে ৷ তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলৰ সাহিত্যৰ ধাৰাক বিষয় হিচাপে লৈ “নতুন দিল্লী ৱৰ্ল্ড বুক ফেয়াৰ”ত এনে এখন আলোচনা সত্ৰ অনুষ্ঠিত কৰাটো আদৰণীয় পদক্ষেপ ৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাম্প্ৰতিক সাহিত্যৰ বিকাশ অতিকে আশাব্যঞ্জক ৷ উত্তৰ পূৰ্বাঞ্চলৰ উপন্যাস, কথা শিল্প , কবিতা , নিবদ্ধ ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চাৰ বিষয় ৷ গৱেষণাধৰ্মী সাহিত্যয়ো স্বকীয় পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি বিষয় প্ৰসংগত তথ্য সমৃদ্ধ , বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰে বিশিষ্ট লেখক-গৱেষক, ঔপন্যাসিক-গল্পকাৰ-নিবন্ধকাৰ ক্ৰমে এচিংলিও কামেই , ড° প্ৰাৰ্থনা শইকীয়া ড° মনজিৎ বৰা , ড° শ্বেলমি সংখিল, ড° মেৰিলিন লিংডো ব্লাহ , পংকজ প্ৰতীম বৰদলৈয়ে ৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাহিত্যই ভাৰতীয় সাহিত্যক সমৃদ্ধ কৰাৰ বিষয়টো ইয়াত আলোচিত হয় ৷ভৱিষ্যতে এই ধাৰা অধিক জনমুখীৰূপত আগুৱাব বুলি আটায়ে মত প্ৰকাশ কৰে ৷ছাত্ৰ অংশগ্ৰহণকাৰীৰূপে আলোচনা সত্ৰখনত উপস্থিত থাকে উন্মীলন কলিতা আৰু শ্বানবা আৰামবাম ৷ আলোচনা সত্ৰখনত আদৰণী ভাষণ প্ৰদান কৰে “প্ৰকাশ” আলোচনীৰ সম্পাদক মিহিৰ দেউৰীয়ে ৷ আলোচনা সত্ৰখনত উপস্থিত থাকে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী, সম্পাদক ধীৰাজ গোস্বামীৰ লগতে নতুন দিল্লীস্থিত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভালেসংখ্যক লেখক-সাহিত্যিক আৰু ছাত্ৰ-ছাত্ৰী ৷