ইমান মৰম কোনে দিব
যিমান মই তোমাক দিলোঁ
শ্ৰীৰমাকান্ত দাস
গুৱাহাটী
জোনাক ভৰা নিশাটিত
মৰমৰ দ্বীপ্ত পোহৰৰ ৰশ্মিবোৰ,
অনুৰাগেৰে ছটিয়াই দিছিলোঁ
তোমাৰ অন্তৰৰ নিভৃত কোণত।
তিৰবিৰাই থকা তৰাৰ
প্লেটিনাম খচিত বাখৰৰ হাৰডাল
হৃদয়ৰ সীমাহীন ভালপোৱাৰে
তোমাক পিন্ধাই দিছিলোঁ।
অতুলনীয় আছিল সেই নিস্বাৰ্থ প্ৰেম।
আনৰ লগত ৰিজাবলৈ
বৃথা চেষ্টা নকৰিবা।
ঢোলৰ চেউ, বাঁহীৰ শব্দত
ব’হাগে ভুমুকি মৰাৰ সময়ত,
কাঁইটৰ খোচ খাই
পাহাৰ বগাই আনিছিলোঁ কপৌফুল,
এজাৰবুলীয়া মৰমেৰে গুঁজি দিছিলোঁ
তোমাৰ নেঘেৰি খোপাটিত।
আমাৰ চাৰি চকুৰ মিলনতে আঁতৰি গৈছিল,
তোমাৰ নিসংগতাৰ মায়াজাল।
মোৰ মৰমৰ বা-লাগি বিষাদৰ ক’লা ডাৱৰবোৰে
পৰ্বতৰ আঁৰত লুকাইছিল।
উৎকট গৰমত অনুভৱ কৰা অসহ্যকৰ পৰিৱেশত,
মই আহিছিলোঁ এজাক ৰিমজিম বৰষুণহৈ।
কোৱা,সঁচা অন্তৰেৰে কোৱা,
“ইমান মৰম কোনে দিব,
যিমান মই তোমাক দিলোঁ।
কাবৌ কৰিছোঁ,
পাহৰণিৰ গৰ্ভত জাহ যাবলৈ নিদিবা,
তোমাৰ চিৰাল ফাঁটমৰা হৃদয়খন,
মোৰ সেউজীয়া মৰমেৰে জীপাল কৰা ক্ষণবোৰ।
আকৌ এবাৰ সোঁৱৰাই দিওঁ,
” ইমান মৰম কোনে দিব
যিমান মই তোমাক দিলোঁ।”