ইন্দ্রাণী তহবিলদাৰ আত্মহননৰ গোচৰত আন এক অভিযুক্তক গ্রেপ্তাৰ

ইন্দ্রাণী তহবিলদাৰ আত্মহননৰ গোচৰত আন এক অভিযুক্তক গ্রেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ চৰ্চালৈ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ ঘটনা।  ইন্দ্রাণী তহবিলদাৰ আত্মহননৰ গোচৰত আন এক অভিযুক্তক গ্রেপ্তাৰ কৰিছে।২০২৩চনৰ আগষ্টত সংঘটিত হৈছিল বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহননৰ ঘটনা। অনুৰাগ চলিহাৰ সৈতে ইন্দ্ৰাণীৰ আপত্তিজনক ফটো ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত। মহানগৰীৰ বামুণীমৈদামৰ বাসগৃহত আত্মহত্যা কৰিছিল ইন্দ্রাণী তহবিলদাৰে। উক্ত ঘটনাৰে নাম সাঙোৰ খাইছিল কুলদীপ দাস নামৰ এজন যুৱকৰ।ইন্দ্ৰাণীৰ আত্মহত্যাৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল ৪জনকৈ লোক। গ্ৰেপ্তাৰ হৈছিল অনুৰাগ চলিহা, দ্বিবন ডেকা, ৰেখান্ত দাস আৰু অসীম চক্ৰৱৰ্তী।আৰু অৱশেষত চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দীৰ্ঘদিনে পলাতক হৈ থকা কুলদীপক। নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অন্যতম অভিযুক্ত কুলদীপ দাসক।অভিযোগ অনুসৰি, অভিমন্যু দাসে অনুৰাগ চলিহাৰ মূৰত পিষ্টল ৰাখি তেওঁৰ পৰা মোবাইল ফোনৰ পাছৱ’ৰ্ড লৈছিল আৰু সেই সময়ত তেওঁৰ সৈতে ৰেখান্ত, অসীম আৰু কুলদীপ দাস আছিল।