ইন্ডাষ্ট্ৰিয়েল ট্ৰিবুনেলৰ অৱসৰী বিষয়া হবিবুৰ ৰহমানৰ মৃত্যু: অঞ্চলটোত শোকৰ ছাঁ
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ তিনিকোণীয়া নিবাসী আলহজ হবিবুৰ ৰহমানৰ (হেনৰী) কালি (২০-১২-২৪) শেষ নিশা বাৰ্ধক্যজনিত কাৰণত ৮৬ বছৰ বয়সত মৃত্যু হয়। ১৯৩৮ চনৰ ৩০ জুলাই তাৰিখে জন্ম গ্ৰহণ কৰা হবিবুৰ ৰহমানে ডিব্ৰুগড়ৰ ইন্ডাষ্ট্ৰিয়েল ট্ৰিবিউনেল কাৰ্যাল়য়ত জ্যেষ্ঠ পঞ্জীয়ক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৯৭ চনত সেই চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। এগৰাকী অতি নম্ৰ ভদ্ৰ ব্যক্তি ৰূপে পৰিচিত ৰহমান সকলোৰে মাজত ‘হেনৰী’ বুলিয়ে পৰিচিতি লাভ কৰিছিল। ২০০১ চনত তেওঁ মক্কা-মদিনালৈ গৈ পৱিত্ৰ হজ্বব্ৰত সমাপন কৰি আহে। অনেক সামাজিক কাম-কাজৰ লগত জড়িত ৰহমান কেবাবছৰো ধৰি তিনিকোনীয়া মছজিদ কমিটিৰ সভাপতি আৰু সম্পাদকৰ দয়িত্ব পালন কৰে। অসমীয়া গামোচা খন আছিল ৰহমানৰ ডিঙিত চিৰলগৰী।মৃত্যুৰ সময়ত তেখেতৰ পত্নীৰ লগতে এজন পুত্ৰ, দুগৰাকী কন্যা আৰু নাতি-নাতিনীসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহসংসাৰত এৰি যায় l আজি স্থানীয় নালিয়াপুল কবৰস্থানত অনেক গুণমুগ্ধৰ তেওঁৰ জানাজা সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত তিনিকোনীয়া অঞ্চলটোত শোকৰ ছাঁ পৰে। তিনিকোণীয়া মছজিদ জামাত, ডিব্ৰুগড় ঈদগাহ সমিতিৰ সভাপতি-সম্পাদক, ডিব্ৰুগড় জিলা ইমাম সন্হা, ডিব্ৰুগড় জিলাৰ জমিয়ত উলেমাৰ সভাপতি- সম্পাদক আদি অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।