ইতিহাস ৰচি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১০ সহস্রাধিক শিল্পীৰ বাগুৰুম্বা নৃত্য
ৰঙিলী বাৰ্ত্তাসেৱা- সংস্কৃতিৰ পথাৰত নতুন ইতিহাস ৰচিলে বড়ো লোক-সংস্কৃতিৰ অনন্য উপাদান বাগুৰুম্বা নৃত্যই। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত ১০ সহস্রাধিক বড়ো শিল্পীয়ে উদ্ভাসিত কৰি তুলিলে এক অপূর্ব সংস্কৃতিৰ পৰিচয়। অসম চৰকাৰে আয়োজন কৰা ‘বাগুৰুম্বা দহৌ’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানৰ যোগেদি ৰাজ্যৰ ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰা বাগুৰুম্বা নৃত্যৰে মুখৰিত হৈ পৰিল গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প । খাম , চিফুঙৰ সুললিত ধ্বনিত উথপথপ হৈ পৰিল সমগ্ৰ ক্ৰীড়া প্ৰকল্পৰ চৌহদ । দখনা, আৰণাই পৰিহিত বড়ো গাভৰুৰ লয়লাস নৃত্যভংগীত সজীৱ হৈ উঠিল সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল সৰুসজাইৰ ক্ৰীড়া প্ৰকল্পত উপস্থিত অগণন দৰ্শক ।

উল্লেখ্য যে, অনুষ্ঠানৰ আৰম্ভণিতে সৰুসজাইৰ ক্ৰীড়া প্ৰকল্পত বিশেষভাৱে সজাই তোলা আকৰ্ষণীয় এখন বিশেষ বাহনত উঠি প্ৰধানমন্ত্রী মোদীয়ে সকলোৰে সম্ভাষণ গ্ৰহণ কৰে । প্ৰধানমন্ত্রীক সংগ দিয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । অনুষ্ঠানত প্ৰধানমন্ত্রীয়ে সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাই কয়, মোৰ সৌভাগ্য যে অসমৰ সংস্কৃতি ওচৰৰ পৰা চোৱাৰ সুবিধা পাই আহিছো । মই অসমলৈ যিমান আহিছো পূৰ্বে কোনো প্ৰধানমন্ত্রী অহা নাই । অসমৰ কলা-সংস্কৃতিয়ে বিশাল মঞ্চ পোৱাটো আমি বিচাৰো । অসমৰ কলা-সংস্কৃতিত অদ্ভুত আনন্দ আছে । বড়ো সমাজৰ পৰিচয় বাগুৰুম্বা নৃত্য । বাগুৰুম্বা কেৱল এটা উৎসৱ নহয় বড়ো পৰম্পৰাক সন্মান দিয়া, মহান ব্যক্তিসকলক স্মৰণ কৰা । বড়ো সমাজৰ মহান ব্যক্তিসকলে সমাজ সংস্কাৰৰ বাবে কাম কৰিছে । মই সকলো মহান ব্যক্তিক সেৱা জনাইছো । এই বিৰল মুহূৰ্তৰ সাক্ষী হৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য- চাওক, মোৰ অসমখন কিমান আগুৱাই গৈছে। ইয়াত উপস্থিত হৈ মই আৱেগিক হৈ পৰিছোঁ। এটা সময়ত য’ত প্রতিদিনেই ৰক্তপাত হৈছিল, আজি সেই স্থানতেই সংস্কৃতিৰ অপূর্ব সমাহাৰ ঘটিছে। এটা সময়ত য’ত গুলীৰ শব্দৰে ৰজনজনাইছিল, সেই স্থানতে এতিয়া খাম আৰু চিফুঙৰ মধুৰ ধ্বনি শুনিবলৈ পোৱা গৈছে। পূর্বে য’ত সান্ধ্য আইনে স্তব্ধ কৰিছিল, সেই স্থানতেই সংগীতৰ মধুৰ গুঞ্জন শুনিবলৈ পোৱা গৈছে। পূর্বে য’ত অশান্তি আৰু অস্থিৰতা আছিল, সেই স্থানতে আজি বাগুৰুম্বাৰ মহাআয়োজন হৈছে। এনে মহাআয়োজন কেৱল অসমৰেই নহয়, সমগ্ৰ ভাৰতৰ ই এক সাফল্য। অসমৰ পৰিৱৰ্তনক লৈ দেশৰ প্ৰতিগৰাকী নাগৰিক আজি গৌৰৱান্বিত। অসমৰ এই পৰিৱৰ্তন কেৱল উপলব্ধি নহয়, সমগ্ৰ ভাৰতৰ বাবে গৌৰৱ। মই সন্তুষ্ট যে মোৰ অসমীয়া ৰাইজে, বড়ো ভাই-ভনীয়ে মোক ভৰসা কৰিছে।

উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে সন্ধিয়া ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত আয়োজিত বাগুৰুম্বা নৃত্যৰ ঐতিহাসিক পৰিৱেশন প্রত্যক্ষ কৰে। বড়ো জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰা উদ্যাপন কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ উদ্যোগত আয়োজিত বাগুৰুম্বা দ’হৌ-২০২৬ শীর্ষক এই অনুষ্ঠানত ৰাজ্যৰ ২৩খন জিলাৰ ৮১টা বিধানসভা সমষ্টিৰ পৰা অহা ১০ হাজাৰৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যৰ কলা-সংস্কৃতি তথা বড়ো জনগোষ্ঠীক বিশ্ব দৰবাৰত তুলি ধৰি আজি অনুষ্ঠিত বাগুৰুম্বা দ’হৌ অনুষ্ঠানৰ পূৰ্বে উপস্থিত সহস্রাধিক লোকক উদ্দেশ্যি প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণত কয়- বাগুৰুম্বা কেৱল নৃত্য নহয়। এয়া বড়ো পৰিচয়ৰ জীৱন্ত উৎসৱ। এয়া বড়ো তথা অসমীয়া সমাজৰ প্ৰাণ। বড়ো পৰম্পৰাক সন্মান দিয়া বাগুৰুম্বা এক মাধ্যম। এই মাধ্যম হ’ল বড়ো সমাজৰ মহান বিভূতিসকলক স্মৰণ কৰা। বডোফা উপেন্দ্ৰনাথ ব্রহ্ম, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম, ৰূপনাথ ব্রহ্ম, সতীশ চন্দ্র বসুমতাৰী, মৰাদম ব্ৰহ্ম আৰু কনকেশ্বৰ নাৰ্জাৰীকে ধৰি বড়ো সমাজৰ বহু মহান ব্যক্তি, যিসকলে সামাজিক সংস্কৰণ, সাংস্কৃতিক পুনৰ জাগৰণ আৰু ৰাজনৈতিক চেতনাক মজবুত কৰিছিল। এই ঐতিহাসিক সন্ধিক্ষণত মই বড়ো সমাজৰ প্ৰতিগৰাকী মহান ব্যক্তিক শ্ৰদ্ধাৰে নমস্কাৰ কৰিছোঁ। প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত কয়- বিজেপিয়ে অসমৰ সংস্কৃতিক সমগ্র জাতিৰ গৌৰৱ বুলি গণ্য কৰে।

অসমৰ অতীত আৰু ঐতিহ্য অবিহনে ভাৰতৰ ইতিহাস অসম্পূর্ণ। বিজেপি চৰকাৰৰ কাৰ্যকালতে বাগুৰুমবা দ’হৌৰ দৰে উৎসৱ আয়োজন কৰা, বিহুক ৰাষ্ট্ৰীয় স্বীকৃতি দিয়া আৰু চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তর্ভুক্ত কৰাৰ এই প্ৰচেষ্টা হৈছে অসম তথা অসমীয়া জাতিৰ প্ৰতি সম্মান। অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে বড়ো ভাষাকো সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে। বড়ো ভাষাত শিক্ষা শক্তিশালী কৰাৰ বাবে এটা সুকীয়া সঞ্চালকালয় স্থাপন কৰা হৈছে। প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে যে এই পদক্ষেপৰ লগতে বাথৌ পূজাত ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য- আমাৰ চৰকাৰৰ কাৰ্যকালতে অসমৰ মহান বীৰ লাচিত বৰফুকনৰ বিশাল প্রতিমূর্তি স্থাপন কৰা হৈছে। সমান্তৰালভাৱে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূর্তিও স্থাপন হৈছে। তেওঁ কয়-শ্রীমন্ত শংকৰদেৱৰ ভক্তি, সামাজিক সম্প্রীতি-পৰম্পৰা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কলা- চেতনাক অসমত ঐতিহ্যৰ অংশ হিচাপে সন্মানিত কৰা হৈছে। প্রধানমন্ত্রীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাবেই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।

ভাষণত প্রধানমন্ত্রীয়ে কয়- কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰসমূহক শান্তি আৰু উন্নয়নৰ বিশেষ দায়িত্ব অর্পণ কৰা হৈছে। বড়ো চুক্তিৰ প্ৰসংগ উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়-২০২০ চনত সম্পাদিত হোৱা বড়ো চুক্তিয়ে দশক দশক ধৰি চলি থকা সংঘাতৰ অন্ত পেলাইছিল আৰু এই চুক্তিৰ বাবেই হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে হিংসা পৰিত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহিবলৈ সক্ষম হৈছে। চুক্তিৰ পিছত বড়োভূমিত শিক্ষা আৰু উন্নয়নৰ নতুন সুযোগৰ অন্বেষণ ঘটিছে, শান্তি দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে। এইক্ষেত্ৰত জনসাধাৰণৰ প্ৰচেষ্টা আছিল উল্লেখনীয়। বড়ো চুক্তিৰ জৰিয়তে শান্তিৰ পথ বাছি লোৱা যুৱক-যুৱতীসকলক উদ্দেশ্যি প্রধানমন্ত্রীয়ে কয়- ক্ৰমাৎ একত্রিত হোৱা বড়ো সম্প্রদায় এক উজ্জ্বল ভবিষ্যতলৈ আগবাঢ়িছে। বড়ো শান্তি চুক্তিৰ পিছৰে পৰা বড়োলেণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে অহৰহ কাম কৰি আহিছে।

চৰকাৰৰ প্ৰচেষ্টাৰ ফলস্বৰূপে আজি বড়োভূমিলৈ কোটি কোটি টকাৰ আবণ্টন হৈছে। আজি প্রতিভাৱান বড়ো যুৱক-যুৱতীসকলে ৰাজ্যৰ সাংস্কৃতিক ৰাষ্ট্ৰদূত হোৱাৰ লগতে ক্রীড়া ক্ষেত্ৰতো উৎকৃষ্টতা দেখুৱাবলৈ সক্ষম হৈছে। নতুন আত্মবিশ্বাসেৰে সপোন দেখা, সেই সপোনবোৰ পূৰণ কৰা আৰু অসমৰ অগ্ৰগতিৰ ধাৰাবাহিকতা প্রদান কৰাটোৱেই আমাৰ চৰকাৰৰ মূল লক্ষ্য। কেৱল বিৰোধিতাৰ বাবেই অসম আৰু বড়োলেও দশক দশক ধৰি মূলসুঁতিৰ পৰা বিচ্ছিন্ন হৈ আছিল। প্রধানমন্ত্রীয়ে পুনৰ কয়- যেতিয়াই অসমৰ কলা-সংস্কৃতি আৰু পৰিচায়ক সন্মান জনোৱা হয় তেতিয়াই একাংশ লোকে অশান্তি অনুভৱ কৰে। বিৰোধীয়ে কৰি অহা এনে অভিযোগ তথা অপপ্ৰচাৰৰ পাছতো বিজেপি চৰকাৰে ৰাজ্যৰ উন্নয়নক ত্বৰান্বিত কৰিবলৈ সক্ষম হৈছে। আজি বড়ো-কছাৰী কল্যাণ পৰিষদ গঠন কৰা, বড়োলেণ্ডৰ বাবে ১,৫০০ কোটি টকাৰ বিশেষ উন্নয়ন পেকেজ আবণ্টন দিয়া, কোকৰাঝাৰত এখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপন কৰা, তামুলপুৰত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ ত্বৰান্বিত কৰা এই সকলোবোৰ সম্ভৱ হৈছে বিজেপি চৰকাৰৰ দিনত। নাৰ্ছিং কলেজ আৰু পেৰামেডিকেল প্রতিষ্ঠানসমূহত বড়ো যুৱক-যুৱতীৰ নিযুক্তি তথা নতুন সুযোগ সৃষ্টি কৰাৰ সমান্তৰালকৈ স্কীল শিক্ষাক আগুৱাই নিয়াৰ লক্ষ্যৰে গোৱৰ্ধনা, পৰ্বতঝোৰা আৰু হৰিশিঙাত পলিটেকনিক আৰু প্ৰশিক্ষণ প্রতিষ্ঠান স্থাপন কৰা হৈছে। এক পৃথক কল্যাণ বিভাগ আৰু বড়ো প্রশাসনিক কর্মচাৰী মহাবিদ্যালয়ো স্থাপন কৰা হৈছে। যাৰ দ্বাৰা বড়ো সম্প্ৰদায়ৰ কল্যাণৰ বাবে উন্নত নীতি নির্ধাৰণ সম্ভৱ হৈছে। বিজেপি চৰকাৰে উন্নত আন্তঃগাঁথনিৰ জৰিয়তে দিল্লী আৰু অসমৰ মাজত দূৰত্ব হ্ৰাস কৰিবলৈ সক্ষম হৈছে।

আনহাতে কংগ্ৰেছক সমালোচনা কৰি প্ৰধানমন্ত্রীয়ে কয়, “অসমৰ কলা-সংস্কৃতিৰ সন্মান কৰিলে কংগ্ৰেছ দলে ভাল নাপায় । এই কংগ্ৰেছ দলে ভূপেন হাজৰিকাক ভাৰতৰত্ন দিওতে বিৰোধ কৰিছিল । কংগ্ৰেছৰ নেতাই অসমত হোৱা ছেমি কণ্ডাক্টৰৰ বিৰোধিতা কৰিছিল । আজিও মই ডিঙিত অসমৰ স্বাভিমানৰ গামোচা লৈ থাকিলে কংগ্ৰেছে উপলুঙা কৰে । দশক দশক ধৰি কংগ্ৰেছৰ বাবে অসম দেশৰ মূলসূঁতিৰ পৰা আঁতৰত আছিল । নিজৰ স্বাৰ্থৰ বাবে অসমক অস্থিৰ কৰি ৰাখিছিল । কংগ্ৰেছে ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰিলে । সদায়ে অসমক উপেক্ষা কৰিলে । বড়োলেণ্ডৰ কথা কেতিয়াও নুশুনিলে । কংগ্ৰেছে বিভাজনৰ ৰাজনীতি কৰিলে । কংগ্ৰেছে অনুপ্ৰৱেশৰ সুবিধা কৰি দিলে । কংগ্ৰেছে ভোট বেংকৰ বাবৰ অনুপ্ৰৱেশকাৰীক ভাল পায় । কংগ্ৰেছৰ বাবে অসমত অনুপ্ৰৱেশ বৃদ্ধি পালে । আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনুপ্ৰৱেশকাৰীৰ পৰা অসমৰ ভূমি উদ্ধাৰ কৰিছে । কংগ্ৰেছে অসমক সদায়ে সমস্যাৰ মাজত ৰাখিলে । এতিয়া কংগ্ৰেছৰ পাপ খণ্ডনৰ কাম বিজেপিয়ে কৰি আছে । বড়োলেণ্ডৰ বিকাশৰ বাবে কাম কৰি আহিছে । বিজেপি চৰকাৰে অসম আৰু দিল্লীৰ দূৰত্ব হ্ৰাস কৰিলে ।” প্ৰধানমন্ত্রীয়ে লগতে কয় যে সমাজ শিপাৰ সৈতে জড়িত হৈ থাকিলে ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পোৱা যায় ।

উল্লেখ্য যে দুদিনীয়া ভ্রমণসূচীৰে শনিবাৰে বিয়লিৰ ভাগত গুৱাহাটীত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিমানবন্দৰত উষ্ম আদৰণি জনায়। ইয়াৰ পিছতে সৰুসজাইলৈ অহা প্রধানমন্ত্ৰীগৰাকীক শংখ, ঘণ্টা, ঢোল, পেঁপা, তালেৰে আদৰণি জনোৱা হয়। সৰুসজাইৰ বাণ্ডৰুম্বা অনুষ্ঠানৰ পাছতেই এক লেজাৰ শ্ব’ৰো অনুষ্ঠান হয়। প্রধানমন্ত্রীৰ এই আগমনক বড়ো শিল্পীসকলে ম’বাইলৰ পোহৰেৰে আদৰণি-ধন্যবাদ জ্ঞাপন কৰে। বাগুৰুম্বা দ’হৌৰ এই অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদ বিজুলী কলিতা মেধি, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচি প্রধান হাগ্রামা মহিলাৰী, মন্ত্ৰী বিমল বড়াৰ লগতে কেইবাগৰাকীও মন্ত্রী, সাংসদ, বিধায়ক আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
