ইতিহাস ৰচি ডুৰাণ্ড কাপৰ খিতাপ দখল নৰ্থ-ইষ্ট ইউনাইটেডৰ

ইতিহাস ৰচি ডুৰাণ্ড কাপৰ খিতাপ দখল নৰ্থ-ইষ্ট ইউনাইটেডৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিলে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ।কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্রীড়াংগণত  অনুষ্ঠিত প্রতিযোগিতাখনৰ ১৩৩সংখ্যক সংস্কৰণৰ তীব্ৰ উত্তেজনাপূর্ণ ফাইনেল মেচখনত নর্থ-ইষ্ট ইউনাইটেড এফচিয়ে টাইব্রেকাৰত ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে বিগত বৰ্ষৰ চেম্পিয়ন তথা আই এছ এলৰ লীগৰ খিতাপ দখল কৰা শক্তিশালী মোহন বাগান ছুপাৰ জায়েন্টক। নিৰ্ধাৰিত সময়ত খেলখন ২-২ গলত অমীমাংসিত হয়। আক্রমণ-প্রত্যাক্রমণেৰে ভৰা খেলৰ প্রথমার্ধত মোহন বাগান ২-০ৰ অগ্রগতি লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ইতিহাস গঢ়ি উত্তৰ-পূবৰ প্ৰথম দলৰূপে ঐতিহাসিক ডুৰাণ্ড কাপৰ ফাইনেল খেলা নর্থ-ইষ্ট ইউনাইটেডে দৃঢ়তা অক্ষুণ্ণ ৰাখি চমকপ্রদ খেলেৰে প্ৰত্যাৱৰ্তন কৰে আৰু মোহন বাগানক নিজৰ ঘৰতে অনুৰাগীৰ সন্মুখত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ জয়ৰ অনন্য গৌৰৱ অর্জন কৰে। ২-২ গ’লত নিৰ্ধাৰিত সময়ৰ খেল সমাপ্ত হোৱাৰ পিছত টাইব্ৰেকাৰ আৰম্ভ হয়। প্রথম দুটা পেনাল্টীত ব্যৱধান হয় ২-২। কিন্তু মোহন বাগানৰ তৃতীয়টো শ্ব’ট প্ৰতিৰোধ কৰে নৰ্থ-ইষ্ট গ’লৰক্ষক গুৰমিত সিঙে। আনহাতে, অসমৰ পাৰ্থিৱ গগৈয়ে দলৰ হৈ তৃতীয়টো শ্ব’ট গ’ল কৰি নৰ্থ-ইষ্টক ৩-২ৰ অগ্রগতি দিয়ে। ইয়াৰ পৰাই আৰম্ভ হয় নর্থ-ইষ্ট ইউনাইটেডৰ অগ্রগতি, জয়ৰ পথ আৰু খিতাপৰ গৌৰৱ। চতুর্থ শ্বট উভয় দলে গ’লৰ ৰূপ দিয়াত ব্যৱধান হয় ৪-৩। কিন্তু মোহন বাগানৰ পঞ্চম শ্বট পুনৰ ৰক্ষা কৰে গুৰমিতে। লগে লগে ইতিহাস গড়ে ছল্টলেক ষ্টেডিয়ামত। ১৭ বাৰ ডুৰাণ্ড কাপ জয়ৰে অভিলেখ গঢ়া মোহন বাগানক পৰাস্ত কৰি খিতাপ জয় কৰে নৰ্থ-ইষ্ট ইউনাইটেডে। উল্লেখ্য যে, নৰ্থ-ইষ্ট ইউনাইটেড দলে আটাইকেইখন মেচতে জয়লাভ কৰি খিতাপ দখল কৰাৰ অনবদ্য সফলতা অর্জন কৰিছে। অৱশ্যে চেম্পিয়নৰ দৰেই খেলত প্রত্যাশিত আৰম্ভনি কৰিছিল মোহন বাগানে। দলে আক্ৰমণৰ ৰণনীতি আৰম্ভণিৰ পৰাই লৈ খেলৰ এঘাৰ মিনিটত ১-০ৰ অগ্রগতি লয়। ঘৰুৱা দলটোৰ হৈ প্ৰথমটো গ’ল কৰে কামিংছে। এই গ’লে মোহন বাগানৰ আত্মবিশ্বাস বৃদ্ধি কৰে। বিৰতিৰ পূর্বেই দলে অগ্রগতি ২-০ কৰিবলৈ সক্ষম হয়। ৪৫ মিনিটত দলৰ হৈ গ’ল কৰে ছাহালে। কিন্তু প্রথমার্ধত চাপৰ সন্মুখীন হোৱা নর্থ-ইষ্ট ইউনাইটেডে দ্বিতীয়ার্ধত সম্পূৰ্ণৰূপে বিপৰীত শৈলীৰ খেল খেলে। বিপক্ষৰ গ’লবক্সত আৰম্ভণিৰ পৰাই চাপ সৃষ্টি কৰে ৰ্থ- ইষ্ট ইউনাইটেডে। ৫৫ মিনিটত আজাৰাই গ’ল কৰি নৰ্থ- ইষ্ট ইউনাইটেডক খেললৈ প্ৰত্যাৱৰ্তন কৰায়। ব্যৱধান ২-১লৈ লাভ কৰাৰ দুই মিনিট পাছতে নৰ্থ-ইষ্ট দলৰ হৈ দ্বিতীয়টো গ’ল কৰে ৫৮ মিনিটত গুইলের্মোই। ফলত মেচখন নিৰ্ধাৰিত সময়ত ২-২ গ’লত অমীমাংসিত হয়।