ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ষ্টেডিয়াম
ৰঙিলী বাৰ্ত্তাসেৱা- ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ষ্টেডিয়াম। চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰা বিশ্ব দৰবাৰত জনপ্ৰিয়কৰণৰ বাবে গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত সন্ধিয়া ৫.৩০ বজাৰ পৰা এই অনুষ্ঠান আৰম্ভ হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্ৰকাশ কৰি কয় যে যিসকল দর্শকে ইতিমধ্যে উক্ত অনুষ্ঠান চোৱাৰ বাবে প্রৱেশ-পত্র লৈছে তেওঁলোকে আজি বিয়লি ৩.৩০ বজাৰ ভিতৰত ষ্টেডিয়ামত প্ৰৱেশ কৰিব লাগিব। কাৰণ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ তালাচী আদিৰ বাবে কিছু সময় লাগিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত হৈয়েই এখন বিশেষ বাহনেৰে ষ্টেডিয়ামখনৰ চাৰিওফালে ঘূৰি উক্ত অনুষ্ঠানত অংশগ্রহণ কৰা শিল্পীসকলক মাত দিয়াৰ লগতে দর্শককো অভিবাদন জনাব। তাৰ পাছতে মুখ্যমন্ত্রী ড০ শৰ্মাই ৫ মিনিটৰ এক চমু ভাষণ দিব। ইয়াৰ পাছতে প্রধানমন্ত্রী মোদীয়ে ভাষণ দিব আৰু প্ৰধানমন্ত্ৰীৰ ভাষণ শেষ হোৱাৰ লগে লগে নৃত্য পৰিৱেশন কৰা হ’ব। ঝুমুৰ নৃত্য শেষ হোৱাৰ পাছত এক লেজাৰ শ্ব’ প্ৰদৰ্শন কৰা হ’ব। য’ত বিশেষ সাংস্কৃতিক থীম থাকিব। মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে আজিৰ ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নেতৃত্বত অহা ৬১ ৰাষ্ট্ৰদূতেও অংশগ্রহণ কৰিব। ইয়াৰে ২২গৰাকী ৰাষ্ট্ৰদূত পৰিয়ালৰ সৈতে আহিব। ইতিমধ্যে তেওঁলোক যোৰহাটত উপস্থিত হৈ ৰয়েল ডি কাছা আৰু বৰগছ ৰিজ’টত নিশাটো কটায়। মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান ৩৫০জন অতিথিয়ে উপভোগ কৰিব। সেইদৰে কাইলৈ ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান ৮০০খন চাহ বাগিচাত প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে। টিভি, এলইডি, প্রজেক্টৰৰ জৰিয়তে এই অনুষ্ঠান সম্প্ৰচাৰ কৰা হ’ব। আনহাতে সামাজিক মাধ্যমত একাংশ লোকে ঝুমুৰ ঝাৰখণ্ডৰ বুলি কৈ অহাৰ সম্পৰ্কর্কত মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ঝুমুৰ এশ শতাংশ অসমীয়া সংস্কৃতি। ঝুমুৰৰ লগত ভাৰতবৰ্ষৰ কোনো ৰাজ্যৰ নৃত্যৰ মিল নাই। ঝুমুৰ গীতত তেওঁলোকে ঝাৰখণ্ডত মাক-বাপেকক এৰি অহাৰ বেদনা প্রকাশিত হৈ আছে। সেয়ে ঝুমুৰ এশ শতাংশ অসমীয়া সংস্কৃতি। আজিৰ ‘ঝুমইৰ বিনন্দিনী’ কার্যসূচীলৈ সকলো বিধায়ককে আমন্ত্ৰণ কৰা হৈছে বুলিও মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে।