ইতিবাচক কামেৰে মানুহৰ মাজত থাকি কাম কৰাৰ লক্ষ্য নিবনুৱা যুৱ পৰিষদৰ

ইতিবাচক কামেৰে মানুহৰ মাজত থাকি কাম কৰাৰ লক্ষ্য নিবনুৱা যুৱ পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰ্তমান যুৱক যুৱতীসকল বিভিন্ন ধৰণে স্বাৱলম্বী হোৱাৰ পথ প্ৰদৰ্শক হিচাপে  নিবনুৱা যুৱ পৰিষদ আগবাঢ়ি আহিছে৷কৃষি উদ্যোগ,খিলঞ্জীয়া খাদ্য সম্ভাৰ অসমৰ বাহিৰলৈ ৰপ্তানিজাত সামগ্ৰী নেমু টেঙা,পানী টেঙা,খাৰ,কলা চাউল,থলুৱা কোমল চাউলৰ বজাৰ তৈয়াৰ কৰিছে৷বিভিন্ন ধৰণৰ আচাৰ প্ৰস্তুত কৰা জাম জেলি আদি দিশত ধাৱমান৷নিশ্চিতভাৱে আগন্তুক দিনত সম্ভৱনাৰ দুৱাৰ মুকলি হ’ব৷-এই মন্তব্য সদৌ অসম নিবনুৱা যু পৰিষদৰ সম্পাদক মতিয়াৰ ৰহমানৰ৷আজি পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত সম্পাদক মতিয়াৰ ৰহমানে পুনৰ কয়-কাৰিকৰী বিদ্যাত নিপুনতা কৰ্মশালা পতা,চাহিল ইনষ্টিটিউটৰ জৰিয়তে বিভিন্ন জিলাত নিবনুৱা যুৱক যুৱতীক কম্পিউটাৰ ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ শিকোৱা হ’ব৷নিবনুৱা যুৱক যুৱতী সকলক বিভিন্ন কাৰিকৰী শিক্ষা চাহিল ইনষ্টিটিউটৰ জৰিয়তে দিয়া হ’ব৷কম্পিউটাৰৰ লগতে টেইলাৰিং আৰু বিউটি পাৰ্লাৰৰ প্ৰশিক্ষণৰো উপযুক্ত ব্যৱস্হা কৰা হ’ব৷থলুৱা শাক পাচলি ফল মূল আদিৰ উপযুক্ত বজাৰ গঢ়াৰ পৰিৱেশ ৰচনা কৰা হ’ব৷অসমৰ জাতীয় জীৱনত নতুন দিগন্তৰ সূচনা কৰিবলৈ অসম নিবনুৱা যুৱ পৰিষদ সাজু আৰু বদ্ধপৰিকৰ৷নেতিবাচক নহয় ইতিবাচক কাম কাজেৰে মানুহৰ মাজত থাকি কাম কৰাৰ লক্ষ্য নিবনুৱা যুৱ পৰিষদৰ৷ইতিমধ্যে দক্ষতা বিকাশৰে সমৃদ্ধিৰ বাটলৈ কাৰ্যসূচীৰ আৰম্ভণিৰে পৰিষদে জাতীয় জীৱনত ইংগিত বহন কৰিছে৷এই ইংগিতে ভৱিষ্যতত অসমৰ জাতীয় জীৱনলৈ আশাৰ বতৰা নিশ্চিতভাৱে কঢ়িয়াই আনিব৷সংবাদ মেলত কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি জলিল আলী,ধৈৰ্য গগৈ,সম্পাদক প্ৰণৱ মেধি,সাংস্কৃতিক সভাপতি পংকজ বৰা,সম্পাদক মনজিৎ ভট্টাচাৰ্য,প্ৰচাৰ সম্পাদক প্ৰঞ্জুমণি দাস,সাধাৰণ সম্পাদক প্ৰাঞ্জল বৰা উপস্হিত থাকে৷