ইণ্ডোনেছিয়াৰ জাকাৰ্টাত বহুমহলীয়া ভৱনত অগ্নিদগ্ধ হৈ ২০জন লোকৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। মঙলবাৰে ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত এটা ৭ মহলীয়া অট্টালিকাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত কমেও ২০জন লোকৰ মৃত্যু হোৱা বুলি দেশখনৰ সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। জুই লগাৰ খবৰ পোৱাৰ লগে লগে অগ্নি নির্বাপণ বাহিনীয়ে উদ্ধাৰ কাৰ্য আৰম্ভ কৰে। ইতিমধ্যে জুই নুমুওৱা হৈছে বুলি জানিব পৰা গৈছে। তথাপি ধ্বংসস্তূপত এতিয়াও কেইবাজনো লোক আবদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। এনে পৰিস্থিতিলৈ লক্ষ্য কৰি মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে। জাকাৰ্টাৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে এই ভৱনটো টেৰা ড্ৰ’ন ইণ্ডোনেছিয়াৰ কাৰ্যালয়। প্রতিষ্ঠানটোৱে খনিৰ পৰা খেতি-বাতি, বিভিন্ন ক্ষেত্ৰত আকাশী পথেৰে তথ্য সংগ্ৰহ তথা পৰ্যবেক্ষনৰ ড্ৰ’ন সৰবৰাহ কৰে। এইটো হ’ল জাপানী ড্র’ন প্রতিষ্ঠান টেৰা ড্ৰ’ন কৰ্প’ৰেচনৰ ইণ্ডোনেছিয়া শাখা। প্রথমতে অট্টালিকাটোৰ ওপৰ মহলাত অগ্নিকাণ্ডৰ সূত্রপাত হয়। তাৰ পিছত অন্যান্য মহলালৈ এই জুই বিয়পি পৰে। অগ্নি নির্বাপণ বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূর্বেই আবদ্ধ ধোঁৱাত উশাহ-নিশাহ ল’ব নোৱাৰি কেইবাজনোও লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে যোৱা মাহত হংকঙত এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। হংকঙৰ পো জিলা চহৰৰ ওচৰতে থকা ৭টা বহুমহলীয়া অট্টালিকাত একে সময়তে অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ১৬০জন লোকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। ভৱনটোৰ মেৰামতিৰ কামত জুইৰ সূত্রপাত হয় বুলি জানিব পৰা গৈছে।
