ইণ্ডোনেছিয়াত যাত্ৰীবাহী জাহাজত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত
ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে ইণ্ডোনেছিয়াত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। প্ৰায় ২৮০ জন লোক কঢ়িয়াই অনা এখন যাত্ৰীবাহী জাহাজত অগ্নিকাণ্ড সংঘটিত হয়।এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ৫জন লোকৰ মৃত্যু হয়। জীৱন ৰক্ষাৰ বাবে একাংশ যাত্ৰীয়ে জাহাজৰ পৰা সাগৰত জপিয়াই পৰে। প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপৰ সমীপত স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১:৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয় । এই জাহাজখন মানাডো বন্দৰলৈ যাত্ৰা কৰিছিল। অগ্নিকাণ্ড সংঘটিত জাহাজখনৰ নাম “KM Barcelona VA”। সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ সৈতে জড়িত বিষয়া ভেৰী আৰিয়ানটোৱে কয় যে, ৫ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১৫০ জন লোকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰকাৰী দল আৰু স্থানীয় মাছ ধৰা নাওৰ যৌথ দলে তেওঁলোকক উদ্ধাৰ কৰে। উল্লেখ্য যে, অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে কৰ্তৃপক্ষই। তেওঁলোকৰ মতে বিদ্যুৎ বিকল হোৱা, ইন্ধন লিক হোৱা বা ইঞ্জিন বিকল হোৱা আদি কিছুমান সম্ভাৱ্য কাৰণত এনে ঘটনা সংঘটিত হৈছে।