ইণ্ডিয়ান পেনৰ’মালৈ নিৰ্বাচিত ‘ভাইমনদা’

ৰঙিলী বাৰ্ত্তাসেৱা- দুখে আৱৰি ধৰা সময়ছোৱাতে অসমীয়া চিনেমাৰ বাবে আহিছে এক ভাল খবৰ।  ৫৬সংখ্যক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অব্ ইণ্ডিয়াৰ ‘ইণ্ডিয়ান পেনেৰোমা’ শাখাত নিৰ্বাচিত হৈছে শশাংক সমীৰ পৰিচালিত মুনিন বৰুৱাৰ জীৱনক লৈ নিৰ্মাণ কৰা জনপ্ৰিয় ছবি ‘ভাইমনদা।’৬ নৱেম্বৰ ২০২৫ৰ পুৱা এই খবৰ লাভ কৰাৰ লগে লগে আনন্দিত হৈ পৰে ছবিখনৰ পৰিচালক শশাংক সমীৰ। তেওঁ কয় যে, মুনিন বৰুৱাৰ জন্মদিন ৫ নৱেম্বৰ আৰু তাৰ এদিন পাছতে এই খবৰে সঁচাকৈ আনন্দিত কৰিছে। চিনেমাখনে এই সন্মান লাভ কৰাত আৱেগিক হৈ পৰিছে শশাংক সমীৰ। উল্লেখযোগ্য যে, জুবিন গাৰ্গ আৰু দীপক শৰ্মাৰ অকাল বিয়োগে আজিও অসমৰ সৰ্বস্তৰৰ লোকসকলক মৰ্মাহত কৰি ৰাখিছে। কাৰোৰে বাবে স্বাভাৱিক জীৱন- যাপন কৰিব পৰা অৱস্থা আজিও হৈ উঠা নাই। তেনেস্থলত এই খবৰে কিঞ্চিত হ’লেও সকলোকে আনন্দিত কৰিছে। মুনিন বৰুৱাৰ জীৱনভিত্তিক ‘ভাইমনদা’ ব্যৱসায়িকভাৱে এখন সফল চিনেমা। এই ছবিখনত তাৰকা শিল্পীৰ পৰিৱৰ্তে কেইবাখনো নতুন মুখৰ কলা- কুশলীয়ে অভিনয় কৰিছিল।