ইডেন গার্ডেনত দক্ষিণ আফ্ৰিকাৰ হাতত ৩০ ৰানত পৰাস্ত ভাৰত

Pc India Toda

ইডেন গার্ডেনত দক্ষিণ আফ্ৰিকাৰ হাতত ৩০ ৰানত পৰাস্ত ভাৰত

ৰঙিলী বাৰ্ত্তাসেৱা- ইডেন গার্ডেনত ৩০ ৰানত পৰাজিত হ’ল ভাৰত । ইয়াৰ লগে লগে দক্ষিণ আফ্রিকাই শৃংখলাত অগ্রগতি লাভ কৰিলে। শনিবাৰে খেলৰ অন্তত চেতেশ্বৰ পূজাৰাই কৈছিল যে ইডেনৰ এই পিচত চতুর্থ ইনিংছত ১২০ ৰানৰ লক্ষ্য অতিক্ৰম কৰাও কঠিন হ’ব পাৰে। আৰু দেওবাৰে তেওঁৰ কথা আখৰে আখৰে মিলি গ’ল। দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছ ১৫৩ ৰানত শেষ হোৱাত ভাৰতক লক্ষ্য নির্ধাৰণ কৰি দিয়ে ১২৪ ৰান। সেই ৰান অতিক্ৰম কৰিবলৈ গৈ শুভমন গিলবিহীন ভাৰতে ৯৩ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়। ফলত নিজৰ পছন্দৰ পিচত ৩০ ৰানত পৰাজিত হয় গম্ভীৰৰ দল। দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই ৫৫ ৰানত অপৰাজিত ইনিংছ খেলি দলৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে। মেচৰ প্ৰথম দিনাই বেটাৰৰ বধ্যভূমি হিচাপে চিহ্নিত সেই পিচতে অপ্ৰতিৰোধ্য হৈ পৰে বাভুমা। তেওঁৰ ১৩৬টা বলৰ ইনিংছটোৱে নিজ দলক যুঁজ দিব পৰা স্থানত উপনীত কৰায়। টেষ্টখনত তেওঁ একমাত্ৰ বেটাৰ হিচাপে অর্ধশতৰান পূৰ্ণ কৰে।বাভুমাৰ বাহিৰে দক্ষিণ আফ্ৰিকাৰ হৈ কৰবিন বছে দ্বিতীয় সর্বাধিক ২৫ ৰান কৰে। ভাৰতীয় বলাৰৰ ভিতৰত জাদেজাই সর্বাধিক ৪টা, চিৰাজে ২টা, কুলদীপ যাদবে ২টা, অক্ষৰ পেটেল আৰু বুমৰাহে ১টাকৈ উইকেট দখল কৰে। অৱশ্যে ইয়াৰ পৰাও বিশেষ লাভ নহ’ল ভাৰতৰ। ৱাশ্বিংটন সুন্দৰ (৩১)ৰ বাহিৰে অন্য কোনো ভাৰতীয় বেটাৰে যুঁজ দিয়া দেখা নগ’ল। প্ৰথম অভাৰতে মার্কো জানছেনৰ বলত কোনো ৰান কৰাৰ পূৰ্বেই যশস্বী জয়ছোৱাল আউট হয়। জানছেনৰ বলত ১ ৰানত বিদায় লয় কে এল ৰাহুলে। ৱাশ্বিংটন আৰু ধ্ৰুৱ জুৰেলে কিছু প্ৰতিৰোধ গঢ়াৰ চেষ্টা কৰে যদিও ছাইমন হাৰ্মাৰৰ বলত ৬ মাৰিবলৈ গৈ ১৩ ৰানত আউট হয় জুৰেল। হাৰ্মাৰৰ বলত ২ৰান কৰি আউট হয় বেটাৰ ঋষভপণ্ট। জাদেজাই কিছু আগ্রাসী বেটিং কৰিলেও তেওঁৰ বেটৰ পৰা আহে ১৮ ৰান। অক্ষৰে শেষৰ ফালে কিছু মাৰমুখী বেটিং কৰিলেও হাৰ্মাৰৰ বলত ৬ কোবাবলৈ গৈ তেওঁ ২৬ ৰানত আউট হয়। ১৫ বছৰৰ পিছত ভাৰতৰ মাটিত দক্ষিণ আফ্রিকাই টেষ্ট বিজয় নিশ্চিত কৰে। যোৱা বছৰ স্পীন সহায়ক উইকেটত খেলিবলৈ গৈ নিউজিলেণ্ডৰ হাতত ০-৩ ব্যৱধানত টেষ্ট শৃংখলাত হেৰুৱাইছিল গম্ভীৰৰ ভাৰতে।