ইডিৰ বিষয়াৰ পৰা ফাইল কাঢ়ি ল’লে মমতা বেনার্জীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- এনফ’চমেণ্ট ডাইৰেক্টৰেট (ইডি)য়ে পশ্চিমবংগ চৰকাৰৰ পৰামৰ্শদাতা সংস্থা আইপেকৰ কাৰ্যালয়ত বৃহস্পতিবাৰে পুৱাৰ ভাগতে তালাচী চলাই। একেলগে আইপেকৰ মুৰব্বী প্রতীক জৈনৰ লাউডন ষ্ট্ৰীটত থকা বাসভৱনতো তালাচী চলে। বে-আইনী কয়লা সৰবৰাহৰ এটা গোচৰত এই তালাচী চলোৱা হয়। এই অভিযান চলি থাকোঁতেই ঘটনাস্থলীত প্ৰৱেশ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে। পুৱা প্রতীক জৈনৰ বাসভৱনত ইডিয়ে অভিযান চলাই থকাৰ মাজতে তাত উপস্থিত হয় মুখ্যমন্ত্রী বেনাৰ্জী। তাৰ পৰা তেওঁ ছল্ট লেকত থকা আইপেকৰ কাৰ্যালয়লৈ যায়। তাৰ পৰাই বহুতো নথি-পত্র, ম’বাইল আৰু লেপটপ লৈ নিজৰ গাড়ীত তোলে মুখ্যমন্ত্রীয়ে। মুখ্যমন্ত্ৰীৰ লগত আছিল কলকাতাৰ আৰক্ষী আয়ুক্ত মনোজ বার্মা। মুখ্যমন্ত্রীয়ে অভিযোগ কৰে যে ইডিৰ এই অভিযান ৰাজনৈতিক উদ্দেশ্যপ্রণোদিত। তালাচীৰ নামত আচলতে তেওঁৰ দলৰ নিৰ্বাচনী কৌশল হৰণ কৰা হৈছে। উল্লেখ্য যে ছল্ট লেকৰ আইপেকৰ কার্যালয়ত মুখ্যমন্ত্রী উপস্থিত হোৱাৰ পূর্বেই গৈ পায় তৃণমূল কংগ্ৰেছৰ স্থানীয় নেতা-মন্ত্ৰীসকল। তাৰ ভিতৰত আছে বিধান নগৰৰ মেয়ৰ কৃষ্ণা চক্ৰৱৰ্তী, বিধায়ক তথা ৰাজ্যৰ মন্ত্রী সুজিত বসুও। মুখ্যমন্ত্রী মমতা বেনার্জীয়ে অভিযান চলি থকাৰ সময়তে বিভিন্ন নথি-পত্র, ম’বাইল-লেপটপ আদি লৈ যোৱা কাৰ্যৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডি। ইডিয়ে দাবী কৰে যে কয়লা কাণ্ডত প্রাপ্ত তথ্য-প্ৰমাণৰ ভিত্তিতে পশ্চিমবংগ আৰু দিল্লীৰ ১০টা স্থানত তেওঁলোকে তালাচী চলাইছে। ইয়াৰ সৈতে নিৰ্বাচনৰ বা আন কোনো ৰাজনৈতিক দলৰ কোনো সম্পর্ক নাই। মমতা বেনাৰ্জীৰ ভূমিকা সন্দৰ্ভত ইডিৰ বক্তব্য যে সাংবিধানিক ক্ষমতাৰ অপপ্রয়োগ কৰি তেওঁ তালাচীত হস্তক্ষেপ কৰিছে আৰু বলপূর্বক নথি, ডিজিটেল তথ্য-প্রমাণ কাঢ়ি লৈ গৈছে। তদন্তত হস্তক্ষেপ কৰাৰ অভিযোগত ইডিয়ে উচ্চ ন্যায়ালয়ৰ দৃষ্টি আকর্ষণ কৰে। আদালতে তেওঁলোকক গোচৰ ৰুজু কৰাৰ অনুমতি প্রদান কৰে। ইফালে তাৰ বিপৰীতে প্ৰতীক জৈনৰ পৰিয়ালেও ইডিৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰে। এই সন্দৰ্ভত গোচৰ ৰুজু কৰিবলৈ বিচাৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শুভ্রা ঘোষৰ দৃষ্টি আকর্ষণ কৰে তেওঁলোকে। তেওঁলোককো গোচৰ ৰুজু কৰাৰ অনুমতি দিয়া হৈছে। শুকুৰবাৰে এই গোচৰৰ শুনানি হোৱাৰ সম্ভাৱনা আছে।
