ইটালীৰ দ্বাৰা আয়োজিত জী-২০ গোষ্ঠীৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ নৰেন্দ্ৰ মোদীৰ অংশ গ্ৰহণ

Pc- Hindustan Times

ইটালীৰ দ্বাৰা আয়োজিত জী-২০ গোষ্ঠীৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ নৰেন্দ্ৰ মোদীৰ অংশ গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- ইটালীৰ দ্বাৰা ভাৰ্চুৱেল মাধ্যমেৰে আয়োজিত জী-২০ গোষ্ঠীৰ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ গ্ৰহণ কৰে। জী-২০ গোষ্ঠীৰ বৰ্তমানৰ সভাপতিৰ দায়িত্বত আছে ইটালী। ইটালীৰ প্ৰধানমন্ত্রী মাৰিঅ’ ড্রাভিয়ে সভাপতিত্ব কৰা  এই সন্মিলনত আফগানিস্তানত বর্তমান চলি থকা মানৱীয় বিপর্যয়, সন্ত্রাসবাদ, মানৱ অধিকাৰ আদি বিষয়সমূহক লৈ বিভিন্ন দেশৰ নেতাই আলোচনা আগবঢ়ায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জী-২০ গোষ্ঠীৰ উদ্যোগক আদৰণি জনাই  লগতে আফগানিস্তানৰ বর্তমান পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে সংস্থাটোক প্রশংসাও কৰে।  মোদীয়ে ভাৰত আৰু আফগানিস্তানৰ জনসাধাৰণৰ মাজত কেইবাশতাব্দী ধৰি পাৰস্পৰিক সম্পৰ্ক থকা বুলিও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতে বিগত দুটা শতিকাত আফগানিস্তানত পাঁচ শতাধিক উন্নয়নমূলক প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা বুলিও উল্লেখ কৰে । আফগানিস্তানৰ জনসাধাৰণক শীঘ্ৰে আন্তর্জাতিক সম্প্রদায়ে মানৱীয় সাহায্য আগবঢ়াব লাগে বুলি জী ২০ গোষ্ঠীক আহ্বান জনাইছে নেতাগৰাকীয়ে।