ইটানগৰত ভূমিস্খলনত চাৰিজনৰ  মৃত্যু

ইটানগৰত ভূমিস্খলনত চাৰিজনৰ  মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচল প্ৰদেশৰ ইটানগৰত নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হয়  ভয়ংকৰ ভূমিস্খলন। সোমবাৰে বিয়লি অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ নীতি বিহাৰ অঞ্চলত ভূমিস্খলনত দেৱাল ভাঙি চাৰিজন লোকৰ মৃত্যু হয়। লগতে গুৰুতৰভাৱে আহত আন ৩ জন লোক।  স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ৰাজ্যিক দুর্যোগ প্রশমন বাহিনী (এছডিআৰএফ), ইটানগৰ ৰাজধানী অঞ্চল জিলা প্ৰশাসনৰ দল আৰু স্থানীয় ৰাইজে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলাই চাৰিটাকে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পৰিচয়বিহীন তিনিজন জীবিত লোকক তাৎক্ষণিকভাবে উদ্ধাৰ কৰি স্থানীয় হীমা হস্পিতালত চিকিৎসা প্রদানৰ বাবে প্ৰেৰণ কৰে। ইতিমধ্যে ইটানগৰ আৰক্ষীয়ে এই ভূমিস্খলনৰ ঘটনাটোৰ লগত জড়িত চোকী তাছাৰ, গোদাক ৰাজা, গোদাক তাবিন, আৰু ৰতন বৰ্মনক আটক কৰি জে’ল হাজোতলৈ প্রেৰণ কৰিছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত ভূমিস্খলনৰ কাৰণ সন্দর্ভত এতিয়াও বিষয়াসকলে বিতং তথ্য প্রকাশ কৰা নাই যদিও যোৱা সপ্তাহত পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ ৰঙামাটি কোমল হৈ তললৈ খহি অহাৰ ফলত এই দুর্ঘটনা সংঘটিত হৈছে বুলি প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে এই শোকাবহ দুর্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ নিকট আত্মীয়ক ৪ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ১৬ হাজাৰ সাহায্যৰ লগতে চিকিৎসাৰ সহায়ৰ কথা ঘোষণা কৰে। উল্লেখ্য যে, এই ঘটনাৰ পাছতে প্ৰশাসনে সতৰ্কবাণী জাৰি কৰিছে। ইটানগৰৰ জিলা প্ৰশাসনে উল্লেখ কৰি কয় যে, বৰষুণৰ বতৰত পাহাৰীয়া অঞ্চলসমূহত মাটিৰ স্থিৰতা হ্ৰাস পায়, যাৰ ফলত নিৰ্মাণ কাৰ্য চলোৱাটো বিপদজনক হৈ পৰে। বৰ্তমান বতৰৰ পৰিস্থিতি লক্ষ্য কৰি স্পৰ্শকাতৰ অঞ্চলসমূহত বসবাস কৰা লোকসকলক সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে।