ইজৰাইলৰ বোমাত বিধ্বস্ত ইৰানৰ নিউক্লিয়াৰ প্ৰকল্প
ৰঙিলী বাৰ্ত্তাসেৱা- ইজৰাইল আৰু ইৰানৰ মাজত আৰম্ভ হোৱা প্রত্যক্ষ সংঘাতে বিশ্ববাসীক শংকিত কৰি তুলিছে। ইজৰাইল আৰু ইৰানক সংযমী হ’বলৈ বিশ্ব সমুদায়ে আহ্বান জনাইছে। ইৰানৰ ওপৰত ভয়াৱহ আক্রমণ চলাই ইজৰাইলে দেশখনৰ পাৰমাণৱিক প্ৰকল্পৰ পৰা সামৰিক ঘাটি বিধ্বস্ত কৰি পেলাইছে। অপাৰেচন ৰাইজিং লায়ন শীৰ্ষকেৰে ইৰানৰ ওপৰত ইজৰাইলে পাৰমাণৱিক ক্ষেপণাস্ত্ৰ আৰু সামৰিক চৌহদক আক্ৰমণৰ লক্ষ্য কৰি লয়। আকাশমাৰ্গেৰে বোমাবর্ষণ কৰি ইজৰাইলে ইৰানৰ পাৰমাণবিক প্রকল্প বিধ্বস্ত কৰাৰ সমান্তৰালকৈ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা আৰু সামৰিক ঘাটি বিকল কৰি তোলে। ইজৰাইলী সেনাৰ আক্ৰমণত ইৰানৰ ৰিভ’লছনাৰী গার্ডবোৰৰ কমাণ্ডাৰ হোছেইন ছালামি নিহত হোৱাৰ লগতে দেশখনৰ সশস্ত্র বাহিনীৰ মুৰব্বী মহম্মদ বাঘেৰিও নিহত হৈছে। এই আক্ৰমণৰ সময়ত ৬গৰাকী পাৰমাণৱিক বিজ্ঞানীও নিহত হৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে বিবৃতিযোগে ইৰানৰ এই ক্ষয়ক্ষতিৰ তথ্য প্ৰকাশ কৰিছে। ইজৰাইলী সেনাই আক্ৰমণ কৰি বিধ্বস্ত কৰা ইৰানৰ পাৰমাণৱিক আন্তঃগাঁথনিৰ পৰা সামৰিক চৌহদৰ ধ্বংসাৱশেষৰ ভিডিঅ’ও প্ৰচাৰ কৰিছে। ইজৰাইলী সেনাৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ উচিতভাৱে দিয়া হ’ব। ইজৰাইলে ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি দেশখনৰ শীর্ষ নেতা আয়াতুল্লাহ আলী খোমেইনিয়ে সকীয়নি দিছে। আমেৰিকা আৰু ইজৰাইলক এই আক্ৰমণৰ বাবে প্রতিশোধ লোৱা হ’ব বুলিও ইৰানৰ সশস্ত্র বাহিনীৰ মুখপাত্রই প্রকাশ কৰিছে। লক্ষণীয় যে ইৰানে প্ৰত্যুত্তৰ হিচাপে ইজৰাইললৈ শতাধিক ড্রোন নিক্ষেপ কৰে যদিও মাজ আকাশতে এই ড্রোনসমূহ বিধ্বস্ত কৰে ইজৰাইলৰ সেনাই। ইজৰাইলৰ সীমান্ততেই ইৰানে নিক্ষেপ কৰা ড্রোনসমূহ প্রতিহত কৰে। ইৰান আৰু ইজৰাইলৰ মাজত এই সংঘাত তীব্ৰতৰ হৈ উঠাৰ সময়তে বিশ্ব সমুদায়ে অর্থাৎ শীর্ষ দেশসমূহে দুয়োখন দেশক সংযমী হ’বলৈ আহ্বান জনাইছে। আনপিনে, ইৰানৰ পাৰমাণৱিক প্রকল্পত ইজৰাইলী সেনাই আক্ৰমণ কৰা সন্দৰ্ভত ৰাষ্ট্ৰসংঘই নীৰৱ হৈ থকা বুলি অভিযোগ কৰি ইৰানে শীঘ্ৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক বৈঠক আয়োজন কৰিবলৈ দাবী জনাইছে। লক্ষণীয় যে ইৰান আৰু ইজৰাইলৰ মাজত প্রত্যক্ষ সংঘাত আৰম্ভহোৱাৰ পাছত দুয়োখন দেশৰ আকাশমাৰ্গত আন্তর্জাতিক বিমানৰ চাল-চলনৰো জটিলতা আহি পৰাৰ পৰিপ্ৰেক্ষিততে ভাৰতকে ধৰি বিভিন্ন দেশৰ বিমানৰ গতি পথ সলনি কৰিবলগীয়া হৈছে। আনকি কিছুসংখ্যক দেশে আন্তর্জাতিক বিমানৰ সেৱা সাময়িকভাবে স্থগিত ৰাখিছে।