ইছৰোৰ গগণযান প্রপালছন ছিষ্টেমৰ সফল পৰীক্ষণ
ৰঙিলী বাৰ্ত্তাসেৱা- গগণযান ছার্ভিচ মডুল প্রপালছন ছিষ্টেম (এছএমপিএছ)ৰ হ্ৰস্ব সময়ৰ দুটাকৈ হট পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিলে ইছৰোৱে। মহেন্দ্ৰগিৰিৰ ইছৰো প্ৰপালছন কমপ্লেক্সত এই হট পৰীক্ষণ সফলতাৰে সম্পন্ন হোৱাৰ লগে লগে বহুপ্রতীক্ষিত মানৱসহিত মহাকাশ অভিযানৰ ক্ষেত্ৰত এখোজ আগবাঢ়িল ভাৰত। ভাৰতৰ প্ৰথম মানৱসহিত মহাকাশ অভিযান কাৰ্যসূচীৰ প্ৰস্তুতিৰ অন্যতম এই এছএমপিএছ সফল পৰীক্ষণ। মহেন্দ্ৰগিৰিত চলোৱা এই পৰীক্ষণ দুটা ৩০ ছেকেণ্ড আৰু ১০০ ছেকেণ্ড সময় ধৰি চলে। ইছৰোৱে প্ৰকাশ কৰা মতে, এছএমপিএছৰ দুয়োটা পৰীক্ষাই সফল হৈছে। সকলো ইঞ্জিন ব্যৱস্থাই সঠিকভাৱে কাম কৰিছে। সম্ভাৱনা কৰাৰ দৰেই ইঞ্জিন ব্যৱস্থা কার্যক্ষম হৈছে। ১০০ ছেকেণ্ডৰ হট পৰীক্ষণত ইছৰোৱে ৫টা লিকুইড এপ’গি মটৰ (এলএএম) ইঞ্জিনৰ কার্যক্ষমতা সঠিকভারে দেখুৱায় বুলিও কয়। হ্রস্ব সময়ৰ পৰীক্ষণ সফল হোৱাৰ পিছত শীঘ্ৰেই পূৰ্ণাংগ সময়ৰ হট পৰীক্ষণ কৰিব বুলিও ইছৰোৱে প্রকাশ কৰিছে। আজিৰ এই সফলতাই ইছৰোক গগণযান অভিযানৰ জৰিয়তে মহাকাশলৈ মানৱ মহাকাশচাৰী প্ৰেৰণৰ ভাৰতৰ বহুপ্রতীক্ষিত অভিযানৰ দ্বাৰ মুকলি হৈছে।