ইউ.এ.ই.ৰ পৰা অহা এজন লোকৰ দেহত মাঙ্কিপক্সৰ লক্ষণ দেখা পোৱা গৈছে: কেৰালাৰ স্বাস্থ্য মন্ত্ৰী

Pc The Hindu

ইউ.এ.ই.ৰ পৰা অহা এজন লোকৰ দেহত মাঙ্কিপক্সৰ লক্ষণ দেখা পোৱা গৈছে: কেৰালাৰ স্বাস্থ্য মন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে কয় যে ভাৰতত প্ৰথমবাৰৰ বাবে সংযুক্ত আৰৱ আমিৰাত (ইউএই)ৰ পৰা তিনিদিন আগতে কেৰালাত উপস্থিত হোৱা এজন ব্যক্তিৰ মাঙ্কিপক্সৰ লক্ষণ দেখা দিছে। “তেওঁৰ দেহত ৰোগটোৰ লক্ষণ বিকশিত হোৱাৰ পিছত, তেওঁৰ পৰা সংগ্ৰহ কৰা নমুনাবোৰ পুনেৰ ভাইৰোলজি ইনষ্টিটিউটলৈ প্ৰেৰণ কৰা হৈছিল। বৃহস্পতিবাৰে সন্ধিয়াৰ ভিতৰত চূড়ান্ত ফলাফল আশা কৰা হৈছে,” মন্ত্ৰীজনে কয়।