ইউপিপিএল ত্যাগ কৰি পুনৰ বিপিএফত যোগদান কাম্পাসহ তিনি নেতা
ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল ত্যাগ কৰা হাগ্রামা মহিলাৰীৰ অতি ঘনিষ্ঠ তথা বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কার্যবাহী সদস্য কাম্পা বৰগয়াৰীৰ পুনৰ বিপিএফত যোগদান। কাম্পা বৰগয়াৰীৰ লগতে আন দুজন ইউপিপিএল শীর্ষ নেতা ক্রমে মাউতি ব্রহ্ম হাজোৱাৰী আৰু ড° ছাংগ্রাং ব্রহ্মই বিপিএফত যোগদান কৰে। নেতাকেইজনৰ বিপিএফত যোগদানে প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলক চিৰাঙত একপ্ৰকাৰ শক্তিহীন কৰি বিপিএফক অধিক শক্তিশালী কৰিলে। শীর্ষ তিনি নেতাৰ ইউপিপিএল ত্যাগে চিৰাং জিলাৰ বিপিএফ নেতা-কর্মীৰ মাজত আনন্দৰ জোৱাৰ অনা পৰিলক্ষিত হৈছে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত বিপিএফ দলে ‘দিছপুৰ চলো’ যাত্ৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা জনসমাৱেশত বিপিএফৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ উপস্থিতিত কাম্পা বৰগয়াৰী, মাউতি ব্রহ্ম হাজোৱাৰী আৰু ড° ছাংগ্রাং ব্ৰহ্মই আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰে। বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে চিৰাং জিলা বিপিএফৰ বাবে এই দিনটো অতি স্মৰণীয় দিন বুলি মন্তব্য কৰে। তেওঁ কয় যে কাম্পা বৰগয়াৰীৰ প্ৰত্যাৱৰ্তনৰ উপৰি ইউপিপিএলৰ প্ৰতিষ্ঠাকালৰ নেতা তথা সাধাৰণ সম্পাদক মাউতি ব্রহ্ম হাজোৱাৰী আৰু যুৱ ইউপিপিএলৰ সভাপতি ড° ছাংগ্রাং ব্ৰহ্মৰ বিপিএফত যোগদানে দলটোক পূর্বতকৈ অধিক শক্তিশালী কৰিলে। অনাগত দিনত আৰু অধিক নেতা-কর্মীয়ে ইউপিপিএল ত্যাগ কৰি বিপিএফত যোগদান কৰিব বুলিও হাগ্রামা মহিলাৰীয়ে মন্তব্য কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিপিএফৰ সভাপতি মহিলাৰীয়ে চন্দন ব্রহ্ম পুনৰ বিপিএফলৈ আহিব নে নাহে তেওঁ নাজানে বুলি কয় যদিও চন্দন ব্রহ্ম আহিলে আমি একেলগে কাম কৰিম বুলি মন্তব্য কৰে। বিজেপিৰ সৈতে আসন বুজাবুজিৰ ক্ষেত্ৰত প্ৰকাশিত বাতৰি তথা সামাজিক মাধ্যমত চৰ্চিত বাতৰিৰ কোনো সত্যতা নাই বুলি মন্তব্য কৰাৰ লগতে আসন বুজাবুজিৰ ক্ষেত্ৰত তেওঁৰ মন্তব্য প্রকৃত সত্য বুলি গণ্য কৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনায়। মহিলাৰীয়ে আগন্তুক বিধানসভাৰ নিৰ্বাচনত ১৫খন আসনত এনডিএক বিজয়ী কৰোৱাটোহে বিপিএফৰ মূল লক্ষ্য আৰু উদ্দেশ্য বুলি মন্তব্য কৰে। বিশাল জনসমাৱেশত ভাষণ প্ৰদান কৰি কাম্পা বৰগয়াৰীয়ে ‘হ’ম ছুইট হ’ম’ বুলি মন্তব্য কৰি বিপিএফক ঘৰখনৰ দৰে হ’বই নোৱাৰে বুলিও মন্তব্য কৰে। উল্লেখ্য যে বিগত বিটিচি নিৰ্বাচনৰ সময়ত বিপিএফ ত্যাগ কৰি কাম্পা বৰগয়াৰীয়ে ইউপিপিএলত যোগদান কৰিছিল। চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে নির্বাচনত তেওঁ প্রতিদ্বন্দ্বিতাত অংশগ্রহণ কৰি বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীক পৰাজিত কৰি পাৰিষদ হিচাপে নির্বাচিত হয়। এই অনুষ্ঠানত আন বহুকেইজন নেতা-কর্মীয়ে বিপিএফত যোগদান কৰে।
