ইউপিআইলৈ বিশ্বৰ সৰ্ববৃহৎ ৰিয়েল টাইম পেমেন্ট ছিষ্টেমৰ স্বীকৃতিঃকেন্দ্ৰীয় চৰকাৰ
ৰঙিলী বাৰ্ত্তাসেৱা– ডিজিটেল পেমেণ্টৰ ক্ষেত্রত সমগ্র বিশ্বতে বিয়পি পৰিছে ইউনিফাইড পেমেন্ট ইণ্টাৰফেচ (ইউপিআই)। ইণ্টাৰনেচনেল মানিটাৰী ফাণ্ডে (আইএমএফ) ইউপিআইক এই স্বীকৃতি দিলে । ভাৰতত তৈয়াৰ কৰা অভিনৱ প্রযুক্তিটো সম্প্রতি বিশ্বৰ বহু দেশে ব্যৱহাৰ কৰিছে । আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে স্বীকাৰ কৰিছে যে বৰ্তমান সময়ত বিশ্বৰ আটাইতকৈ বৃহৎ ৰিয়েল টাইম পেমেন্ট ছিষ্টেম হ’ল ভাৰতৰ ইউপিআই। সংসদত কেন্দ্ৰীয় চৰকাৰে এই তথ্য প্রকাশ কৰিছে । কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্রী পংকজ চৌধুৰীয়ে লোকসভাত জনায় যে আইএমএফৰ ৰিপ’ৰ্ট অনুসৰি এই মুহূৰ্তত ইউপিআই হ’ল বিশ্বৰ সবাতোকৈ বেছি ৰিয়েল টাইম লেনদেনকাৰী ছিষ্টেম। চলিত বৰ্ষৰ যোৱা জুন মাহৰ ৰিপ’ৰ্টৰ ভিত্তিত এই স্বীকৃতি প্রদান কৰিছে আইএমএফে। সমান্তৰালভাৱে এচিআই ৱৰ্ল্ডৱাইডৰ ২০২৪ চনৰ প্ৰতিবেদনত ১২৯.৩ বিলিয়ন লেনদেন আৰু ৪৯ শতাংশ গোলকীয় বজাৰ শ্বেয়াৰৰ সৈতে ইউপিআইক সমগ্র বিশ্বৰ ভিতৰতে শীর্ষস্থান দিয়া হৈছে। এই তালিকাত ব্রাজিল দ্বিতীয়, থাইলেণ্ড তৃতীয় আৰু চীনক ৰখা হৈছে চতুর্থ স্থানত।
