ইউনিক ল’ ইনষ্টিটিউটৰ উদ্যোগত টেটৰ অনলাইন ক’চিং

ইউনিক ল’ ইনষ্টিটিউটৰ উদ্যোগত টেটৰ অনলাইন ক’চিং

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মেধাৱী শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ গুৱাহাটীৰ ছয়মাইল স্থিত  ৰাজ্যৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ইউনিক ল’ ইনষ্টিটিউটৰ উদ্যোগত অহা ২৫ নৱেম্বৰৰ পৰা  আৰম্ভ হব টেটৰ এমহীয়া অনলাইন ক’চিং শিক্ষা বিভাগৰ অধীনত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টেটত অৱতীৰ্ণ হ’ব বিচৰা শিক্ষাৰ্থীৰ বাবে সকলো বিষয় সামৰি বিশেষভাবে প্ৰস্তুত কৰা হৈছে টেটৰ এই এমহীয়া ক’চিং পাঠ্যক্ৰম। ইউনিক ল’ ইনষ্টিটিউটৰ উদ্যোগত ইয়াৰ পূৰ্বে অনুষ্ঠিত প্ৰাথমিক, উচ্চ প্ৰাথমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ টেটৰ অনলাইন ক’চিংত অংশ লোৱা  ৯৮ শতাংশ শিক্ষাৰ্থীয়ে সুখ্যাতিৰে টেট উত্তীৰ্ন হৈ বিভিন্ন শিক্ষানুষ্ঠানত ইতিমধ্যে শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছে। ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই অনলাইন পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীসকলে যাৱতীয় তথ্যৰ বাবে ৮৮২২৮৪২৪৪৪ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। অভিজ্ঞ শিক্ষকৰদ্বাৰা পৰিচালিত হ’বলগীয়া এই পাঠ্যক্ৰমৰ আসনৰ সংখ্যা  সীমিত। অভিজ্ঞ শিক্ষকৰ দ্বাৰা উন্নত মানৰ পাঠদানৰ জৰিয়তে  শিক্ষাৰ্থীসকলে যাতে সফলতাৰে টেটত উত্তীর্ণ হৈ চৰকাৰী সংস্থাপন লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইউনিক ল’ ইনষ্টিটিউটে অব্যাহত ৰাখিছে এই অনলাইন ক’চিং পাঠ্যক্ৰম।