ইউনিক ল’ ইনষ্টিটিউটৰ উদ্যোগত টেটৰ অনলাইন কোচিং

ইউনিক ল’ ইনষ্টিটিউটৰ উদ্যোগত টেটৰ অনলাইন কোচিং

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মেধাৱী শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ গুৱাহাটীৰ ছয়মাইল স্থিত আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান ইউনিক ল’ ইনষ্টিটিউটৰ উদ্যোগত অহা ১৫ অক্টোবৰৰ পৰা আৰম্ভ হব টেটৰ অনলাইন কোচিং। শিক্ষা বিভাগৰ অধীনত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টেট পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা শিক্ষাৰ্থীৰ বাবে সকলো বিষয় সামৰি বিশেষভাবে প্ৰস্তুত কৰা হৈছে এই দুমহীয়া টেট কোচিঙৰ পাঠ্যক্ৰম। ইউনিক ল’ ইনষ্টিটিউটৰ উদ্যোগত ইয়াৰ পূৰ্বে অনুষ্ঠিত অনলাইন কোচিঙত অংশ লোৱা ৯৮ শতাংশ শিক্ষাৰ্থীয়ে সুখ্যাতিৰে টেট উত্তীৰ্ন হৈ বিভিন্ন শিক্ষানুষ্ঠানত ইতিমধ্যে শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছে। প্ৰাথমিক, উচ্চ প্ৰাথমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ টেটৰ বাবে ১৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এই অনলাইন কোচিঙত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীসকলে যাৱতীয় তথ্যৰ বাবে ৮৮২২৮৪২৪৪৪ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। অভিজ্ঞ শিক্ষকৰদ্বাৰা পৰিচালিত হ’বলগীয়া এই দুমহীয়া কোচিঙৰ আসনৰ সংখ্যা অতি সীমিত। অভিজ্ঞ শিক্ষকৰ দ্বাৰা উন্নত মানৰ কোচিঙৰ জৰিয়তে শিক্ষাৰ্থীসকলে যাতে সফলতাৰে টেটত উত্তীর্ণ হৈ চৰকাৰী সংস্থাপন লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইউনিক ল’ ইনষ্টিটিউটে অব্যাহত ৰাখিছে এই অনলাইন পাঠ্যক্ৰম।