ইউটিউবাৰ হিমাংশু কলিতা হ’লগৈ আৰক্ষী বিষয়া

ইউটিউবাৰ হিমাংশু কলিতা হ’লগৈ আৰক্ষী বিষয়া

ৰঙিলী বাৰ্ত্তাসেৱা- ইউটিউবাৰ হিমাংশু কলিতা হ’লগৈ আৰক্ষী বিষয়া! আৰক্ষী বিষয়া হৈয়ে হিমাংশু কলিতাক দৰকাৰ হ’ল দুজন দেহৰক্ষী। লগে লগে যোগাযোগ কৰে আন এজন ইউটিউবাৰ চৰাইদেউ জিলাৰ ভাস্কৰ বৰুবাক। চাকৰিৰ আশাত ভাস্কৰ আহি উপস্থিত হয় তেজপুৰত। তেতিয়াহে ওলাই পৰে উৰহী গছৰ ওৰ। তেজপুৰৰ ২নং কলিতাগাঁৱৰ বাসিন্দা হিমাংশু কলিতাৰ মন আৰক্ষী বিষয়া হোৱাৰ। কিন্তু নৱম মান শ্ৰেণীলৈকে পঢ়ি শিক্ষা সমাপ্ত কৰা হিমাংশুৱে ভালকৈ জানিছিল আৰক্ষী হোৱাৰ সপোন শেষ হৈছে। সেয়ে অনলাইনযোগে যোগাৰ কৰি লয় এযোৰ আৰক্ষীৰ পোছাক। আৰক্ষীৰ পোছাক পৰিধান কৰি হিমাংশু হৈ পৰে স্বয়ম্ভু আৰক্ষী বিষয়া। কঁকালত ওলমাই ল’লে পুতলা পিষ্টল। ফোনযোগে মাতি পঠিয়ালে দেহৰক্ষী নিযুক্তি দিব বিচৰা ভাস্কৰ বৰুৱাক। কিন্তু দিন বেয়া আছিল হিমাংশুৰ। তেজপুৰ মিচন চাৰিআলিত ভাস্কৰক লগ কৰিবলৈ আহোঁতেই জালত পৰিল আৰক্ষীৰ। কছাৰীগাঁও আৰক্ষীয়ে আটক কৰিলে স্বয়ম্ভু আৰক্ষী বিষয়া হিমাংশুক। কিন্তু ভুৱা পুলিচ হিমাংশুৱে এতিয়াও মনত পুহি ৰাখিছে এজন আৰক্ষী বিষয়া হোৱাৰ। অসম আৰক্ষীৰ হৈ কাম কৰিব বিচাৰে হিমাংশুৱে। সেয়ে চৰকাৰক আহ্বান জনালে, সৰু সুৰা কিবা এটা কাম হ’লেও দিয়ক মোক।