ইউক্রেইন যুদ্ধ প্রসংগত দিল্লী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ দুদিনীয়া ভ্রমণসূচীৰ মাজতে ৰাছিয়া-ইউক্রেইনৰ যুদ্ধক লৈ স্থিতি স্পষ্ট কৰিছে নতুন দিল্লীয়ে। হায়দৰাবাদ হাউছত অনুষ্ঠিত যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ কাষত বহি অতি স্পষ্টভাৱে কয় যে ভাৰত কোনো কাৰণতে যুদ্ধৰ ক্ষেত্ৰত নিৰপেক্ষ নহয়। বৰঞ্চ ভাৰতৰ অৱস্থান শান্তিৰ পক্ষতহে। কিয়নো শান্তিৰ পথতহে বিশ্বৰ বিকাশ সম্ভৱপৰ। লক্ষণীয়ভাৱে আমেৰিকাৰ সৈতে শীতল বাণিজ্যিক সংঘাত অব্যাহত থকাৰ সময়তে ভাৰতলৈ অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ প্রশংসাত গদ্গ হৈ পৰে প্ৰধানমন্ত্ৰী মোদী। ২০২২ চনৰ ফেব্ৰুৱাৰীত ইউক্রেইনৰে সূত্রপাত ঘটা যুদ্ধৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে একাধিকবাৰ টেলিফোনিক বাৰ্তালাপ হোৱাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে টেলিফোনযোগে আমি কথা-বতৰা পতাৰ সমান্তৰালভাৱে এই সময়ছোৱাত বিভিন্ন আন্তর্জাতিক মঞ্চত আলোচনাত মিলিত হৈছোঁ। আনকি মই ৰাছিয়া ভ্রমণলৈও গৈছিলোঁ। এই দীর্ঘ সময়ছোৱাত ভাৰতৰ স্থিতি এবাৰলৈও পৰিৱৰ্তন হোৱা নাই। আমি এটা কথা স্পষ্টভাৱে জনাই আহিছোঁ ভাৰত কোনো কাৰণতে নিৰপেক্ষ নহয়, শান্তিৰ পক্ষতহে। ৰাছিয়া-ইউক্রেইন দুয়োপক্ষক আলাপ-আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰিবলৈ ইতিপূর্বেও আহ্বান জনাইছিলোঁ। হায়দৰাবাদ হাউছৰ যুটীয়া সংবাদ মেলতো ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক অনুৰূপ আহ্বান জনায় প্রধানমন্ত্রী মোদীয়ে। এই প্রসংগতে তেওঁ কয় যে সাম্প্রতিক সময় হৈছে শান্তিৰ যুগ। অতীততো শান্তি বাহাল ৰাখিবলৈ ভাৰতৰ তৰফৰ পৰা অনেক চেষ্টা কৰা হৈছিল। মোৰ দৃঢ় বিশ্বাস- সমগ্র বিশ্বই শান্তিৰ পক্ষতেই অৱস্থান কৰিব। মন কৰিবলগীয়া যে সংবাদ মেল সম্বোধন কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক প্রধানমন্ত্রী মোদীয়ে প্রশংসাৰে ওপচাই পেলায়। তেওঁ কয় যে যুদ্ধৰ আৰম্ভণিৰ পৰাই প্ৰকৃত বন্ধুৰ দৰে প্ৰতি মুহূৰ্ততে ‘মিত্ৰ’ ৰাষ্ট্ৰপতি পুটিনে সমগ্র বিষয়টোক লৈ আমাৰ সৈতে আলোচনা কৰি আহিছে। লগতে বিনিময়ো কৰিছে ইয়াৰ তথ্য-পাতি। ইফালে ইউক্রেইন যুদ্ধক লৈ নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে। তেওঁ প্ৰকাশ কৰা মতে ইউক্রেইনত যি ঘটনা সংঘটিত হৈছে তাক লৈ আমেৰিকাসহ বিভিন্ন ৰাষ্ট্ৰৰ সৈতে আলোচনা অব্যাহত আছে। প্রচেষ্টা চলোৱা হৈছে শান্তি প্ৰস্তাৱৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী ইউক্রেইন সমস্যাক লৈ যিধৰণে দৃষ্টি ৰাখিছে সেয়া সঁচাকৈ প্রশংসনীয়।
