ইউক্রেইন অবিহনে ট্রাম্প-পুটিনৰ শান্তি আলোচনাক নস্যাৎ জেলেনস্কীৰ

ইউক্রেইন অবিহনে ট্রাম্প-পুটিনৰ শান্তি আলোচনাক নস্যাৎ জেলেনস্কীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ইউক্রেইন অবিহনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ শান্তি আলোচনাক নস্যাৎ কৰিছে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’লডিমিৰ জেলেনস্কীয়ে। অহা ১৫ আগষ্টত আলাস্কাত মার্কিন ৰাষ্ট্ৰপতি ট্রাম্প আৰু ৰুছ ৰাষ্ট্ৰপতি পুটিনে ইউক্রেইনৰ সৈতে যুদ্ধবিৰতি তথা শান্তি আলোচনাৰ বাবে বৈঠকত মিলিত হোৱাৰ কথা ঘোষণা কৰাৰ পিছতে সামাজিক মাধ্যমত জেলেনস্কীয়ে এই আলোচনাক নস্যাৎ কৰিছে। আলোচনাৰ মেজত ইউক্রেইন নাথাকিলে দুই ৰাষ্ট্ৰপতিয়ে কি চুক্তি কৰিব সেয়া মানি লোৱাটো দেশখনৰ বাবে কঠিন হ’ব। কিয়নো ইউক্রেইনৰ সাৰ্বভৌমত্ব, সাংবিধানিক ঐতিহ্যৰ ক্ষেত্ৰত দেশখনে কেতিয়াও আপোচ নকৰে। আলোচনাৰ মেজত ইউক্রেইনৰ বক্তব্য দাবী চর্চা নহ’লে কিদৰে মার্কিন ৰাষ্ট্ৰপতি আৰু ৰুছ ৰাষ্ট্ৰপতিয়ে ইউক্রেইনক লৈ শান্তি চুক্তি কৰিব তাক লৈও দ্বিধা ব্যক্ত কৰে জেলেনস্কীয়ে। বাশ্বিংটন আৰু মস্কোৰ দ্বিপাক্ষিক আলোচনাত শান্তি ঘুৰি নাহে বুলিও স্পষ্ট কৰি দিয়ে জেলেনস্কীয়ে।