ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ

ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা– শিক্ষাক বজাৰলৈ পৰিণত কৰাৰ অভিযোগত ইউ এছ টি এমৰ আচাৰ্য তথা স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰ। অসম আৰক্ষী আৰু এছটিএফে যুটীয়াভাৱে অভিযান চলাই গুৱাহাটীৰ ঘোঁৰামাৰাত থকা বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰে ইআৰডি ফাউণ্ডেচনৰ স্বত্বাধিকাৰী তথা ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক। উল্লেখ্য যে চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সম্প্ৰতি ৰাজ্যৰ বিভিন্ন কেন্দ্ৰত চলি আছে। তেনে এটা কেন্দ্ৰই হ’ল শ্রীভূমি জিলাৰ পাথাৰকান্দিত থকা ইআৰডিএফ ফাউণ্ডেচনৰ চেন্ট্ৰেল পাব্লিক স্কুল। পৰীক্ষা চলি থকাৰ সময়তে অসৎ পন্থা লোৱাৰ সুবিধা নিদিয়াক লৈ একপ্ৰকাৰ ৰণক্ষেত্ৰত পৰিণত হয় পৰীক্ষা কেন্দ্ৰটো। একাংশ শিক্ষার্থীয়ে পৰীক্ষা কেন্দ্ৰটোত ধনৰ বিনিময়ত পৰীক্ষাত উত্তীর্ণ কৰোৱাৰ অসৎ পন্থা অৱলম্বন কৰাৰ অভিযোগ তোলে বিদ্যালয়খনৰ বিৰুদ্ধে। আনদিনাৰ শুকুৰবাৰে দৰে কেন্দ্ৰটোত চলি আছিল দ্বাদশ বৰ্ষৰ বিজ্ঞান শাখাৰ পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা। সেই সময়তে কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি একাংশ ছাত্র-ছাত্রীয়ে স্থানীয় কিছুসংখ্যক শিক্ষার্থীয়ে ম’বাইল ফোন ভিতৰলৈ নি তাৰ পৰা চাই উত্তৰ লিখি থকাৰ গুৰুতৰ অভিযোগ তোলে। তেওঁলোকৰ অভিযোগ মতে, মেঘালয়ৰ খানাপাৰাত অৱস্থিত ইউএছটিএমত তেওঁলোকে ৫ লাখ টকাৰ বিনিময়ত বিশেষ এটি সুবিধা লাভৰ কাৰণে নামভৰ্তি কৰিছিল। বহুদিন ধৰি তাত ক্লাছ কৰাৰ পাছত ২১৪গৰাকী ছাত্ৰ-ছাত্ৰীক তাৰ পৰা শ্ৰীভূমিৰ চেন্ট্রেল পাব্লিক স্কুললৈ পৰীক্ষা দিবলৈ পঠিওৱা হয়। ছাত্র-ছাত্ৰীসকলে অভিযোগ কৰা মতে, পৰীক্ষাৰ সময়ছোৱাত তেওঁলোকক ৩০ নম্বৰৰ এমচিকিউৰ উত্তৰ অসৎ উপায়েৰে লিখিবলৈ সুযোগ দিয়া হ’ব। কিন্তু পৰীক্ষাৰ সময়ত স্থানীয় ৪৫গৰাকী পৰীক্ষাৰ্থীক কর্তৃপক্ষই সহায় কৰাৰ বিপৰীতে বহিঃজিলাৰ প্ৰাৰ্থীসকলক কোনোধৰণৰ সুযোগ দিয়া হোৱা নাই বুলি অভিযোগ তোলে। ছাত্র-ছাত্রীসকলে ক্ষোভেৰে কয় যে যদিহে বেলেগ কিবা সুবিধা দিবলৈ নাছিল, তেন্তে কি কাৰণত কর্তৃপক্ষই ৪০০ কিঃমিঃ দূৰৰ পৰা আনি তেওঁলোকক উক্ত কেন্দ্রটোত পৰীক্ষাত অৱতীৰ্ণ কৰালে? উল্লেখ্য যে শ্রীভূমিৰ চেন্ট্রেল পাব্লিক স্কুললৈ নিয়া ২১৪ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত গোৱালপাৰা, নগাঁও আৰু কামৰূপ জিলাৰ ছাত্র-ছাত্রী।উক্ত অভিযোগ ৰাজ্যজুৰি বিয়পি পৰাৰ পাছতে শুকুৰবাৰে মাজনিশা প্রায় ১.৩০ বজাত অসম আৰক্ষী আৰু এছটিএফে যুটীয়াভাৱে অভিযান চলাই ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ কৰে। নিশাই শ্রীভূমি আৰক্ষীয়ে নিজৰ জিম্মাত লৈ পুৱাই পাথাৰকান্দি অভিমুখে লৈ যায় বিতর্কিত মহবুবুল হকক।ইতিমধ্যে শ্রীভূমিৰ পাথাৰকান্দি থানাত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(৩)/৩১৮/(৪)/৩১৬(৩) নং ধাৰাৰ অধীনত ৰুজু হোৱা ৫৪/২৫ নম্বৰৰ গোচৰৰ ভিত্তিত বিতর্কিত মহবুবুল হকক গ্ৰেপ্তাৰ কৰে শ্ৰীভূমি আৰক্ষীয়ে। অকল স্বত্বাধিকাৰী মহবুবুল হকেই নহয়, এই কেলেংকাৰিত হাত উজান দিয়া পাথাৰকান্দি চেন্ট্রেল পাব্লিক স্কুলৰ ৫গৰাকী শিক্ষক-শিক্ষয়িত্ৰীকো উক্ত গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত ৫গৰাকী শিক্ষক-শিক্ষয়িত্রী হৈছে ক্রমে নুমান আহমেদ, ইমদাদুৰ ৰহমান, ৰেজ্জাক আলী, বিজয় দত্ত আৰু হীৰামণি শইকীয়া। গ্ৰেপ্তাৰ কৰা শিক্ষককেইজনৰ ভিতৰত হীৰামণি শইকীয়া চেন্টেল পাব্লিক স্কুলৰ অধ্যক্ষ বুলি জানিব পৰা গৈছে। মন কৰিবলগীয়া যে উন্নত শিক্ষা প্ৰদানৰ প্ৰতিশ্রুতিৰে জনতাক আভুৱা-ভাঁৰি দীর্ঘদিন ধৰি শিক্ষাৰ নামত এখন বজাৰ চলাই আহিছিল ইআৰডি ফাউণ্ডেচনৰ স্বত্বাধিকাৰী তথা ইউএছটিএমৰ আচাৰ্য মহবুবুল হকে। বিভিন্ন সময়ত তেওঁৰ নেতৃত্বাধীন ইউএছটিএমৰ শিক্ষা পদ্ধতিত থকা আসোঁৱাহক লৈও বহু ধৰণৰ অভিযোগ উত্থাপিত হৈছিল। গ্ৰেপ্তাৰ কৰা সকলোকে কৰিমগঞ্জৰ মুখ্য ন্যায়িক দণ্ডাদীশৰ আদালতত হাজিৰ কৰোৱা হয়। আৰক্ষীয়ে আদালতত তেওঁলোকক ৭দিনৰ ন্যায়িক জিম্মাত বিচাৰিছে।