ইংৰাজী ভাষাটো অসমীয়াৰ শত্ৰুৰ শাৰীত পৰে নেকি?
হেৰম্ব নাথ
অসমীয়া নাদৰ ভেকুলী হৈ থাকিব নেকি—? এইটো এটা উত্তৰবিহীন প্ৰশ্ন! এখন দিগদৰ্শী সমাজ লাভ কৰিবলৈ হ’লে প্ৰচলিত শিক্ষা ব্যৱস্থাতে সীমাবদ্ধ নাথাকি ঠেক পৰিসৰৰ পৰা ওলাই আহিব লাগিব। একলব্যই যদি গুৰু দ্ৰোণাচাৰ্যৰ হাতত পৰিত্যজ্য নহ’লহেঁতেন তেন্তে সেই ভুকভুকাই থকা কুকুৰটোৰ মুখখন ধনুকাড়েৰে বন্ধ দিব কৰিব পাৰিলে হয় জানো? তেনেস্থলত অসমীয়া ভাষাটোক লৈ ইমান বিতৰ্কৰ সূত্ৰপাত হোৱাৰ প্ৰয়োজনীয়তা ক’ত? স্ববিৰোধী কথাৰে আমি এখন জ্ঞানী সমাজ(Knowledge Society)লাভ কৰিব নোৱাৰোঁ। ভাষা ৰক্ষাৰ বক্তৃতাৰ ফুলজাৰি মাৰি আমি নিজৰ নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত নপঢ়ুৱাই ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাওঁ, মেখেলা চাদৰ অসমীয়াৰ সম্ভ্ৰম-স্বাভিমান বুলি কৈ নিজৰ ছোৱালীক চুৰিদাৰ পিন্ধাওঁ, চিনাকি পৰ্বত নমস্কাৰৰ সলনি কৰমৰ্দন কৰোঁ, পিতৃ-মাতৃৰ মৃত্যু তিথি কেৱল গতানুগতিক তথা সৌজন্যতামুলকভাবে পালন কৰি সন্তানৰ জন্মদিন উলহ মালহেৰে পালন কৰোঁ, কেক কাটো; কি সুন্দৰ পুতলা এটাক কাটিবলৈ আপুনি নিজেই এখন ধাৰাল চুৰি সন্তানৰ হাতত তুলি দিয়ে নি:সংকোচে। তাৰ পিছত সন্তানটোৱে আপোনাৰ আদেশক আখৰে আখৰে পালন কৰি নিষ্ঠুৰতাৰে পুতলাটো টুকুৰা টুকুৰিকৈ কাটে! স্মৰ্তব্য যে আপুনি আপোনাৰ সন্তানটোক উক্ত কাৰ্যৰ জৰিয়তে প্ৰত্যক্ষভাবে নিষ্ঠুৰতাৰ শিক্ষা প্ৰদান কৰিলে। প্ৰেক্ষাপটত আপোনাৰ আৱেগবিহীন প্ৰকৃতি-মনুষ্যত্বও উন্মোচিত হ’ল। খন্তেক থমকি ৰৈ নিজানত জুঁকিয়াই চাওঁক এবাৰ— আপুনি আপোনাৰ সন্তানটোৰ আৱেগ-অনুভূতিত প্ৰচণ্ড আঘাত নকৰিলেনে?
বিচাৰ কৰক: এটা কন্যা পুতলাক সন্তানৰ হাতত তুলি দিয়া চুৰিখনেৰে আপোনাৰ কন্যা সন্তানটোৱে কাটিলে, কেনেকৈ বুলি সুধিলে উত্তৰত ক’ব লাগিব টুকুৰা টুকুৰিকৈ! ইয়াতকৈ আৰু কিবা পৰিতাপজনক কথা আছেনে বাৰু! তেনেস্থলত আপোনালোকে ইংৰাজী ভাষাটোৰ বিৰুদ্ধে ইমান তালাফাল কৰে কিয়? যিটো এক অবুজ সাঁথৰ হিচাপে সৰ্বসাধাৰণ ৰাইজৰ চকুত প্ৰতিবিম্বিত হোৱাৰ উপৰি কিছুমান মানুহ অনৰ্থক বিভ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে। চুৰিদাৰৰ কথা ক’লে আপোনালোকে কয় এতিয়া আধুনিক যুগ, সেয়ে যুগৰ স’তে খোজ মিলাবলৈ আধুনিতাক আকোঁৱালি ল’বই লাগিব আৰু এঢাপ আগবাঢ়ি গৈ এনেদৰেও কোৱা শুনো যে চুৰিদাৰ পিন্ধিলে যাতায়ত কৰাত মানে গাড়ী-মটৰত উঠা নমা কৰোঁতে হেনো সুবিধা হয়। এয়া কি সুন্দৰ বাস্তৱসন্মত যুক্তি যেন মানুহ মাত্ৰেই মানিবলৈ অপাৰগ নহয় এনে যুক্তি। কিন্তু ইংৰাজী মাধ্যমৰ সপক্ষে আপোনালোকে যুক্তি প্ৰদৰ্শন কৰিবলৈ টান পায় কিয়? অসম কেৱল অসমীয়াৰ হৈ থকা নাই, সকলোৰে বসতিস্থান অসম। সকলো জনগোষ্ঠীৰ মানুহেই আছে অসমত। তাৰ পিছতো সোঁতৰ বিপৰীতে গতি কৰে কিয়, যিটো নিতান্তই প্ৰগতিশীল চিন্তাৰ পৰিপন্থী। নৈৰ কাষৰ শিল সদায় পৰিস্কাৰ, শেলুৱৈ নধৰে। কিন্তু তাৰ পৰিৱৰ্তে ঘৰচীয়া খাল-বিলৰ কাষত থকা শিলত শেলুৱৈ ধৰে, পানীবোৰো আশানুৰূপ পৰিস্কাৰ নহয়। এখন প্ৰগতিশীল তথা সুশিক্ষিত সমাজ লাভ কৰিবলৈ হ’লে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকেই পৰিৱৰ্তনৰ প্ৰতি আকৃষ্ট হোৱাৰ লগতে প্ৰগতিশীল চিন্তাধাৰৰক বিনাচৰ্তে সমৰ্থন কৰিব লাগিব। গতিশীল তথা পৰিৱৰ্তনৰ দিশে ধাৱমান হ’ব লাগিব, এয়া সুনিশ্চিত সময়ৰেই আহ্বান। ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে প্ৰদান কৰা কিবা মন্তব্য(ভাষা সম্পৰ্কে)আলোচ্য বিষয় হোৱাটো সমীচিন নহয় আৰু হ’বও নালাগে। বাক্ স্বাধীনতা(Freedom of Speech)ৰ জৰিয়তে কিবা মন্তব্য-বক্তব্য প্ৰদান কৰাটো কোনো ডাঙৰ কথা নহয়। আনহাতে, ৰাজনীতিবিদৰ কথা আৰু মন্তব্য-বক্তব্যৰ অন্তৰালত কিছুমান স্বাৰ্থ নিহিত থাকে গতিকে তেনে ব্যক্তিৰ কথাক লৈ মুৰ ঘমোৱাৰ কোনো প্ৰয়োজন নাই। ইংৰাজী ভাষাটোৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰদান কৰাসকলে এবাৰ Oxford, Cambridge, Harvard, Melbourne, Stanford, MIT, Toronto, NUS , UBC, UCL, ANU ইত্যাদিৰ দৰে বিশ্বমানদণ্ডৰ বিশ্ববিদ্যালয়ৰ মজিয়াত এবাৰ পদাৰ্পণ কৰি আহকচোন, তেতিয়া সকলো কথা বুজি পাব ভালদৰে। শূণ্যত গদা ঘূৰালে কি হ’ব? বিশ্বক জানিবলৈ হ’লে মানুহ মুকলি মনৰ অধিকাৰী হ’ব লাগিব; পশ্চাদগামীতা, গোড়ামীক পৰিত্যাগ কৰি বিজ্ঞানমনস্কতাক আকোঁৱালি ল’ব লাগিব। বিজ্ঞানমনস্কতাই হ’ল এখন দেশৰ উন্নতিৰ আহিলা-সপোন। চেতনাৰ স্পন্দন। এই সপোনক সাকাৰ ৰূপত দেখাৰ হেতুকে মানুহ মাত্ৰেই আধুনিক হোৱাৰ বাঞ্ছা থাকিব লাগিব। ৰাজনৈতিক দল-সংগঠনৰ নেতাবোৰে বিশ্ব পৰিক্ৰমাৰ অংশীদাৰ হোৱাৰ কিবা নজিৰ আছেনে? যদি আছে তেনে নেতা নিশ্চয় আঙুলিৰ মুৰত লিখিব পৰা ধৰণৰ। আমাৰ দেশৰ ৰাজনীতিবিদবোৰে দেশ-বিদেশৰ কিমান আৰু কেনেধৰণৰ জ্ঞান-প্ৰজ্ঞা-প্ৰমাৰে পৰিপুষ্ট! আজিৰ প্ৰেক্ষাপটত আমাৰ দেশৰ কোনগৰাকী নেতাই বাৰু ওপৰোক্ত বিশ্বমানদণ্ডৰ বিশ্ববিদ্যালয়ত আন্ত:ৰাষ্ট্ৰীয় আলোচনা চক্ৰত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে? কাৰোবাৰ হাতত এই তথ্য আছেনে বাৰু? প্ৰকৃতপক্ষে, বিশ্ব পৰিক্ৰমা অবিহনে যিকোনো কথা কোৱাটো যুক্তিসংগত নহয়; কোনো মানুহ বহিৰ্জগতৰ শিক্ষা-জ্ঞানৰ ঊৰ্দ্ধত নহয়, নাভূত নাশ্ৰুত মন্তব্যই এজন মানুহক তললৈ নমায় আৰু ইয়াৰ সমান্তৰালকৈ নিজৰ অজ্ঞাতে অদূৰদৰ্শীতাৰো প্ৰকাশ কৰে। বেছি কথা কোৱা মানুহে আচলতে নিজকেই বহুত জনা বুলি ভাবে কিছুমান ৰাজনীতিবিদ(যদিও ৰাজনীতি বিজ্ঞানৰ কোনো গৱেষণালব্ধ ডিগ্ৰী নাই)ৰ ক্ষেত্ৰত এই কথাষাৰ বাৰুকৈয়ে প্ৰযোজ্য।
আৱেগৰ আতিশয্যত দিক্বিদিক হেৰুৱাই নেপেলাব, আৱেগিক হোৱাৰ পৰিৱৰ্তে কথাবোৰ যুক্তিৰ চালনিৰে চালিবলৈ আগ্ৰহী হোৱা বাঞ্ছনীয়। তেতিয়াহে মলখু পাম— মাতৃভাষা মানে কি? আইৰ ভাষা, মাতৃৰ ভাষা; আচলতে, এয়া আক্ষৰিক অৰ্থ, মাতৃভাষাৰ প্ৰকৃত শুদ্ধ অৰ্থ হ’ল স্বদেশৰ ভাষা। অভিধানে কোৱা নাই যে মাতৃভাষা মানে মাতৃৰ ভাষা নতুবা মাকৰ(আইৰ)মুখৰ ভাষা। অসমীয়াৰ হিয়াৰ আমঠু তথা শব্দাৰ্থৰ ব্ৰহ্মাণ্ডস্বৰূপ হেমকোষটো মাতৃভাষাৰ অৰ্থ জন্মভূমি বা নিজ দেশৰ ভাষা বুলিহে লিখা আছে। একভাষী মনোভাব পোষণে এখন দেশ আগবাঢ়ি যোৱাত প্ৰাচীৰ হিচাপে দেখা দিয়ে। তদুপৰি ই এক প্ৰকাৰে গোড়ামীও। চতুৰ ৰাজনৈতিক নেতাবোৰে বাস্তৱত প্ৰমাণ কৰি দেখুৱাইছে যে নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাটোৱেই সঠিক। সিহঁত আকাশত চাং পতা বিধৰ নহয়, সকলো কথাই জানে। চল চাই কঠিয়া সিচাঁত সিদ্ধহস্ত নেতাবোৰে ইংৰাজী ভাষাটোৰ ব্যাপকতা-গুৰুত্ব কিমান, সেই বিষয়ে কেতিয়াবাই অনুধাৱন কৰিব পাৰিছে। দৰাচলতে, ধৰ্মসংকটত পৰিহে মাতৃভাষাৰ গুণানুকীৰ্তন কৰা পৰিলক্ষিত হয়। গতিকে সৰ্বসাধাৰণ ৰাইজ বিভ্ৰান্ত নোহোৱাকৈ থকাটো একান্তই কৰণীয়। জটিল তথা প্ৰতিযোগিতামূলক সময়ৰ এয়া এক কাতৰ আহ্বান যে অনাগত দিনত সহজ-সৰল মানুহবোৰ সজাগ হ’ব লাগিব খোজেপতি, যাতে কাৰোঁ কথাত বিচলিত-প্ৰতাৰিত নহওঁ। সেয়ে নৱ উচাহ-প্ৰত্যয়-প্ৰতিতীৰে সংকল্প লওঁ আহক— অক্ষিপটত সদা প্ৰত্যক্ষ অনুঘটকৰূপী মানৱ কীটাণুবোৰৰ পৰা সাৱধানে থাকিবলৈ। কিমধিকমিতি।