ইংৰাজী নৱবৰ্ষ মানেই যেন লগে ভাগে এসাঁজ খোৱা—-!
নমিতা দাস,শুৱালকুছি
এটি বছৰৰ অন্ত পেলাই নতুন এটি বছৰৰ আগমনে উৎসাহ আনন্দ যোগায় । এৰি অহা দিনবোৰৰ ভাল-বেয়া সময় বোৰে হৃদয়ত সাঁচি ৰখা আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰাৰ যেন শক্তিশালি মানসিকতাৰে নতুন দিনবোৰক আদৰাৰ প্ৰস্তুতি চলে ।হৃদয়ৰ সপোনবোৰ বাস্তবিতাৰে পৰিপূৰ্ণ কৰাৰ সংকল্প লৈ আগুৱাই যোৱাৰ মানসিকতাৰে নতুনকৈ অহা বছৰটোক আদৰাৰ প্ৰস্তুতি। পোৱা নোপোৱা আশা ভৰষা বোৰ বুকুত সামৰি লৈ অনাগত দিন বোৰত সুখী হোৱাৰ কামনাৰে এটি নতুন বছৰ আদৰাৰ হেঁপাহ ।
ইংৰাজী নৱবৰ্ষ মানেই যেন বনভোজৰ আগমন । বছৰজোৰা পৰিশ্ৰমৰ অন্তত দেহ মনলৈ প্ৰশান্তি বিচাৰি লগে ভাগে প্ৰকৃতিৰ মাজত এসাঁজ খোৱাটো এতিয়া উৎসবলৈ পৰিবৰ্তন হৈছে।ইংৰাজীৰ শেষৰ মাহ ডিচেম্বৰ মাহৰ পৰাই পিকনিক আৰম্ভ হৈ ফেব্ৰুৱাৰী পায় গৈ ।প্ৰকৃতিৰ সেউজ পৰিবেশৰ মাজত কৰা এই বনভোজ কেতিয়াৰ পৰা আৰম্ভ হৈছিল সঠিককৈ ক’ব পৰা নাযায় কিন্তু মানব সমাজৰ আৰম্ভনীৰ পৰা প্ৰকৃতিৰ মাজত থাকি খোৱা লোৱা কৰা পৰম্পৰা থকা বুলি ইতিহাসত পঢ়িবলৈ পাওঁ । আধুনিক যুগৰ বনভোজ বা পিকনিক হৈছে শিক্ষা প্ৰতিষ্ঠান আৰু সংগঠিত প্ৰতিষ্ঠানৰ ৰূপত পোনতে স্কুল-কলেজৰ পৰা যোৱা শিক্ষা মুলক ভ্ৰমন বা নামঘৰ আদি দৰ্শন কৰিবলৈ ভক্তিমুলক ভ্ৰমনৰ আদিৰ পৰা আৰম্ভ হোৱা বুলি অনুমান কৰা হয় যদিও অসমীয়া সমাজ জীৱনৰ আঘোন মাহটোৰ সময় খিনি ইংৰাজী বছৰৰ শেষৰ মাহটোৰ পৰাই ন-খোৱা আৰু মহোহো উৎসৱ পালন কৰাৰ পিছত লগে ভাগে মিলি এসাঁজ খোৱাৰ পৰম্পৰা যেতিয়াৰ পৰা লুপ্ত হ’বলৈ ধৰিলে তেতিয়াৰ পৰাই লাহে লাহে পিকনিক বা বনভোজৰ প্ৰয়োভৰ বৃদ্ধি পায় আহিলে । পিকনিক মুলতে পাশ্চাত্য সংস্কৃতিৰ পৰা অহা উৎসৱ । দিনে দিনে ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰ বৃদ্ধি হ’বলৈ ধৰে।
ইংৰাজীৰ নৱবৰ্ষৰক আদৰাৰ হেঁপাহতে লগ সমনীয়াৰ লগত বা পৰিয়ালৰ সকলোৱে মিলি এসাঁজ খোৱাৰ আনন্দ উপভোগ কৰো। অতি আগ্ৰহেৰে ৰৈ থাকোঁ এটি বছৰ শেষ হ’ল আকৌ এটি বছৰৰ আৰম্ভনি হ’ব । যোৱাটো বছৰৰ যিবোৰ কাম আধৰুৱা হৈ ৰ’ল সকলোৱে এইবছৰত শেষ কৰাৰ পৰিকল্পনা ।কাৰোবাৰ বাবে যোৱা বছৰটো সুখৰ আৰু কাৰোবাৰ বাবে বৰ দুখৰ থাকিলেও নতুন বছৰটোত শীতৰ আমেজ লৈ পৰিয়ালৰ লগতে বন্ধু বান্ধৱী, লগ সমনীয়া লগে ভাগে মিলি পিকনিকৰ পৰিকল্পনা কৰি এসাঁজ খোৱাটো পৰম্পৰা হৈ পৰিল । এই সময় খিনি অতি আনন্দৰ সময় হাঁহি ফূৰ্তি নাচ গানেৰে এই সময় খিনি উপভোগ কৰা হয় কণ কণ শিশু সকলেও বহু দিনৰ মুৰত মুকলি মুৰীয়া কৈ খেলিব পায় প্ৰফুল্লিত হয় । এই সময় লগ সমনীয়া লগত একেলগে হেঁপাহ পলুৱাই ফূৰ্তি কৰা সময় ।
এইবোৰ যিয়েই নহওক দিন বোৰ গৈ থাকিব। কিন্তু নতুন বছৰ টো আদৰাৰ নামত যেন আমি আমাৰ কৰ্তব্য বোৰ পাহৰি নাযাও তাৰ প্ৰতি গুৰুত্ব দিয়া প্ৰয়োজন । প্ৰকৃতি বিনষ্ট নকৰাকৈ পিকনিকৰ পেলনীয়া সামগ্ৰি খিনিৰ প্ৰতিও লক্ষ্য কৰি সেইবোৰ যথাস্থানত পেলাই ঠাইখিনি পৰিস্কাৰ কৰি অহাটো অতি দৰকাৰি কথা।
পৰিবেশ হৈছে আমাৰ চাৰিও ফালৰ বায়ু পানী বতাহ আৰু গছ গছনিৰে গঢ়া সুন্দৰ সম্পৰ্ক বোৰ । বৰ্তমান সময়ত পৰিবেশৰ ওপৰত গুৰুত্ব আৰোপ কৰি সন্তান সকলকো আমি শুদ্ধ জ্ঞান দি লালন পালন কৰা দেখা যায় ।এখন ঘৰত সুস্থিৰ শুদ্ধ আৰু নিয়মানুবৰ্তীতা বজাই ৰাখি এটি বিশুদ্ধ পৰিবেশ সৃষ্টি কৰি যিদৰে ল’ব পাৰি। সেইদৰে সামাজিক ভাবেও কিছুমান শুদ্ধবাৰ্তা বৰণেৰে সুন্দৰ পৰিবেশ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে নতুন বছৰটো শীতৰ ইমেজ লৈ প্ৰকৃতিৰ মাজত এসাজ খাওঁতে প্ৰকৃতিৰ ওপৰত যেন একো বেয়া প্ৰভাব নপৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো অতি প্ৰয়োজনীয় ।
বৰ্তমান সময়ত বছৰটো আদৰাৰ নামত যুৱছাত্ৰ ছাত্ৰী সকলৰ মাজত উশৃঙ্খল পৰিবেশ এটাই বিৰাজ কৰা পৰিলক্ষিত হৈছে । যুৱ ডেকা লৰা-ছোৱালীয়ে মাদক দ্ৰব্য সেৱন কৰাৰ বাবে হায় কাজিয়াকে ধৰি দূৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰাও পৰিলক্ষিত হয় গতিকে সেই অপশক্তি সমুহৰ প্ৰতিও চকু ৰখাটো বৰ্তমান সমাজ ব্যৱস্থাত প্ৰয়োজনীয় ভুমিকা গ্ৰহণ কৰে।
