ইংৰাজী নৱবৰ্ষৰ অনুভৱ এছ ইছলাম

Pc InterNations

ইংৰাজী নৱবৰ্ষৰ অনুভৱ

এছ ইছলাম, শিক্ষক 
পশ্চিম মইনবৰী, বৰপেটা

নতুন বছৰৰ আগমন
নৱ প্ৰজন্মৰ মহাক্ষন
কিনো হ’ল কিনো নহ’ল
সেইলৈ নাই মন।
বাজি উঠিল ডেকখন
গোটেই নিশাতে দেখোন
ভোজ ভাত খায় চোন
শুৱলৈ নাই অলপো মন।
অসমীয়া গীত নেগায়
নীলা ছবিৰ গীত গায়
সিহঁতে কিহৰ ভোজ ভাত খায়?
পাশ্চাত্য শিক্ষাহে লয়।
ই নহয় অসমীয়া সংস্কৃতি
নহয় ভোগালী বিহুৰ হুচৰি
নেতাকে ভোগালী মেজি
নিশা কটায় তম্বু সাজি।
ই নহয় ৰঙালী বিহুৰ ৰং-ধেমালী
এয়া বেলেগ জাতিৰ কু-সংস্কৃতি
কোনোৱে কৰে মহাখং
কোনোৱে কয় অবং।
তুমি বিলাতী নৱবৰ্ষ
ইহঁতৰ মনত দিছা হৰ্ষ
ইহঁত হৈছে বিমূৰ্ত
কোনে কয় ইহঁত ধূৰ্ত?