ইংৰাজী নববৰ্ষ
জ্যোতিস্মিতা গোস্বামী শৰ্মা
নববৰ্ষ ( নতুন বছৰ), মানৱ সমাজে গীত – মাত, আনন্দ – উল্লাসেৰে পালন কৰা এক উৎসৱ । তথ্য অনুসৰি ১৯ শতিকাৰ পৰা ইংৰাজী নববৰ্ষ পালন কৰা হয়। দিন যায় ৰাতি আহে , মাহ বাগৰি বছৰ আহে, বছৰেও মেলানি মাগি নতুনক আদৰি লয় । ডিচেম্বৰ মাহৰ শেষৰ দিনা অৰ্থাৎ ৩১ ডিচেম্বৰ হ’ল “নিউ ইয়েৰ ইভ” । এই দিনা নতুন বছৰৰ আগমনক লৈ বিশ্বৰ বিভিন্ন দেশত উৎসৱ মূখৰ পৰিবেশে বিৰাজ কৰে । ৩১ ডিচেম্বৰৰ ১২ বাজি এক মিনিট যোৱাৰ পাছৰ পৰা আকাশত আতচবাজি আলোক সজ্জাৰে নতুন বছৰৰ উদযাপন হয়। নতুন বছৰত ব্যক্তি বিশেষে আত্ম উন্নয়নৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈ নিজৰ জীৱনত পৰিবৰ্তন আনিবলৈ যথাসাধ্য চেষ্টা কৰে । নতুন বছৰত ঈশ্বৰে মানুহৰ মাজত বিশ্বাস নিৰাপত্তা, বুজাবুজি ভাৱ গঢ় ল’বলৈ শক্তি দিয়ক। বিগত বছৰত মানুহৰ মাজত হোৱা অন্যায় বোৰ দূৰ হওঁক।বছৰটো স্মৰণীয় হৈ ন ৰূপত মানৱতাৰ সম্প্ৰীতিৰ এনাজৰীডাল অধিক শক্তিশালী হোৱাৰ কামনাৰে স্বাগতম ২০২৪.
