ইংলেণ্ডৰ হাতত পৰাস্ত শ্ৰীলংকা

ইংলেণ্ডৰ হাতত পৰাস্ত শ্ৰীলংকা

 ৰঙিলী বাৰ্ত্তাসেৱা- চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ এইটৰ এখন মেচত  ঘৰুৱা দল শ্রীলংকাক ৫১ ৰানত পৰাস্ত কৰে ইংলেণ্ডে। পাল্লেকেলত অনুষ্ঠিত মেচখনত ইংলেণ্ডে প্রথমে বেটিং কৰি ফিল্ড ছল্টৰ ৬২ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ইংলেণ্ডে ৯ উইকেট হেৰুৱাই ১৪৬ ৰান সংগ্ৰহ কৰে। অৱশ্যে ফিল্ড ছল্টৰ বাহিৰে ইংলেণ্ডৰ বেটাৰসকলে  বিশেষ প্ৰদৰ্শন কৰিব পৰা নাছিল। ইফালে, ১৪৭ ৰানৰ লক্ষ্য লৈ খেল পথাৰলৈ অহা শ্রীলংকাই ইংলেণ্ডৰ বলাৰৰ সন্মুখত প্ৰথমৰ পৰাই দিশহাৰা হৈ পৰে। ৪জন বেটাৰৰ বাদে দলটোৰ বাকী কোনো এগৰাকী খেলুৱৈ দহকৰ সংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম নহ’ল। অধিনায়ক দাসুন ছানাকাই সর্বাধিক ৩০ ৰান সংগ্ৰহ কৰে। উইলজেকে দলটোৰ গুৰুত্বপূৰ্ণ খেলুৱৈসকলৰ উইকেট দখল কৰাৰ পিছত বাকীসকল বলাৰেও দলৰ জয়ত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়। ১৬.৪ অভাৰত কেৱল ৯৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা শ্রীলংকাই ৫১ ৰানৰ ব্যৱধানত পৰাজয়বৰণ কৰে। উইল জেকক প্লেয়াৰ অৱ দ্য মেচ বঁটা প্ৰদান কৰা হয়।