ইংলেণ্ডৰ বিৰুদ্ধে ৩-২ত শৃংখলা দখল ভাৰতীয় মহিলাৰ

ইংলেণ্ডৰ বিৰুদ্ধে ৩-২ত শৃংখলা দখল ভাৰতীয় মহিলাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ঘৰুৱা দল ইংলেণ্ডৰে খেলা পাঁচখনীয়া টি-২০ মেচৰ শৃংখলাটো ৩-২ত দখল কৰি ভাৰতীয় মহিলা দলটোৱে ইতিহাস ৰচনা কৰে। বার্মিংহামত শনিবাৰে নিশা অনুষ্ঠিত শৃংখলাটোৰ পঞ্চম তথা অন্তিমখন মেচত ইংলেণ্ডৰ বাহিনীয়ে ৫ উইকেটত ভাৰতীয় দলটোক পৰাস্ত কৰে। মেচখনত হৰমনপ্রীত কৌৰ বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৬৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ইংলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। ডানি বাট-হ’জে সর্বাধিক ৫৬ ৰান কৰে। ভাৰতৰ হৈ দীপ্তি শৰ্মা আৰু অৰুন্ধতী ৰেড্ডী উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰি ছেফালী বাৰ্মাৰ ৪১টা বলত ৭৫ আৰু ৰিচা ঘোষৰ ২৪ ৰানৰ সহায়ত ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৬৭ ৰান কৰিছিল। শৃংখলাটোত ভাৰতৰ শ্ৰী চাৰানিয়ে শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।