ইংলেণ্ডৰ বিপক্ষে খেলা প্রথমখন টেষ্টৰ প্ৰথম দিনাই ৩৫৯ ৰান সংগ্ৰহ ভাৰতৰ

ইংলেণ্ডৰ বিপক্ষে খেলা প্রথমখন টেষ্টৰ প্ৰথম দিনাই ৩৫৯ ৰান সংগ্ৰহ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে হেডিংলেত খেলা প্রথমখন টেষ্টৰ প্ৰথম দিনাই প্রতিভাৱান অ’পেনাৰ যশস্বী জয়ছোৱাল আৰু অধিনায়ক শুভমন গিলৰ দৰ্শনীয় শতকৰ সহায়ত ভাৰতে স্থিতিত উপনীত হৈছে।  প্ৰথম দিনৰ খেলৰ অন্তলৈকে টীম ইণ্ডিয়াই ৩টা উইকেট হেৰুৱাই ৩৫৯ ৰান সংগ্ৰহ কৰিছে। দিনান্তত গিলে ১২৭ আৰু ঋষভ পন্টে ৬৫ ৰান কৰি ক্ৰিজত আছে। ইনিংছ মুকলি কৰিবলৈ আহি জয়ছোৱাল আৰু লোকেশ ৰাহুলে ভাৰতীয় দলটোক প্রত্যয়জনক আৰম্ভণি দিয়ে। প্রথম উইকেটৰ যুটিত ৯১ ৰান সংগ্ৰহ হোৱাৰ সময়তে ৰাহুলে ব্যক্তিগত ৪২ ৰানত পেভিলিয়নমুখী হয়। ৰাহুলৰ ৭৮টা বলত ইনিংছটোত আছিল ৮টাকৈ বাউণ্ডেৰী। অৱশ্যে ৰাহুল আউট হোৱাৰ খন্তেক পিছতেই সাই সুদৰ্শনৰ উইকেট হেৰুৱাই বিপদত পৰিছিল ভাৰতীয় দলটো। কেৰিয়াৰৰ প্ৰথমখন টেষ্ট খেলা সুদর্শনে ৪টা বলৰ সন্মুখীন হৈ কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়। অৱশ্যে টেষ্ট কেৰিয়াৰত পঞ্চমটো শতক অৰ্জন কৰা জয়ছোৱালে অধিনায়ক গিলৰ সৈতে লগ লাগি ভাৰতীয় দলটোক সবল স্থিতিত উপনীত কৰায়।  তৃতীয় উইকেটত জয়ছোৱাল আৰু গিলে ১২৯ ৰান সংগ্ৰহ কৰাৰ সময়তে জয়ছোৱালে ১০১ ৰান কৰি বিদায় লয়। অ’পেনাৰগৰাকীৰ ১৫৯টা বলৰ ইনিংছটোত আছিল ১৬টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰী। লীডছত শতক অৰ্জন কৰি ভাৰতৰ প্ৰথমগৰাকী অ’পেনাৰ হিচাপে কৃতিত্ব অর্জন কৰে জয়ছোৱালে। জয়ছোৱাল আউট হোৱাৰ পিছত অধিনায়ক গিলে ঋষভ পণ্টৰ সৈতে লগ লাগি দলীয় স্ক’ৰ বৃদ্ধি কৰায়েই নহয়, দলটোক সবল স্থিতিতো উপনীত কৰায়। গিল আৰু পণ্টে চতুর্থ উইকেটত অপৰাজিতভাৱে ১৩৮ ৰান সংগ্ৰহ কৰি ভাৰতীয় দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়। অধিনায়ক গিলে ১৭৫টা বলত ১৬টা চাৰি আৰু এটা ছয়েৰে অপৰাজিতভাৱে ১২৭ ৰানৰ দুর্দান্ত ইনিংছ খেলে।ইফালে, ঋষভ পল্টে ১০২ বলত ৬টা চাৰি আৰু ২টা ছয়েৰে ৬৫ ৰান কৰি অপৰাজিত হৈ থাকে।ইফালে ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছে দুটা উইকেট দখল কৰাৰ লগতে ব্রাইডন কাছেই এটা উইকেট লাভ কৰিবলৈ সক্ষম হয়।