ইংলেণ্ডক পৰাস্ত কৰি মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত দঃ আফ্রিকা

ইংলেণ্ডক পৰাস্ত কৰি মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত দঃ আফ্রিকা

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ বর্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়ামত ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰে দক্ষিণ আফ্রিকাই। আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ বর্ষাপাৰাস্থিত এচিএ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্রথমখন ছেমিফাইনেলত প্রটিয়াজ বাহিনীয়ে চাৰিবাৰৰ চেম্পিয়ন ইংলেণ্ডক ১২৫ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি খিতাপ যুঁজত প্ৰৱেশ কৰে। মেচখনত দক্ষিণ আফ্রিকাই জয়ৰ বাবে বান্ধি দিয়া ৩২০ ৰানত বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি মাৰিজান কাপৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ ইংৰাজ বাহিনীয়ে ৪২.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১৯৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দলীয় স্ক’ৰত কোনো ৰান সংযোগ নৌহওঁতেই অপেনাৰ এমী জোনচ আৰু হেথাৰ নাইটে বিদায় লয়। ইয়াৰ খন্তেক পিছতে টমী বিউমন্টেও কোনো ৰান নকৰাকৈ বিদায় লয়। সেই সময়ত ইংৰাজ বাহিনীৰ দলীয় স্ক’ৰ আছিল ৩ উইকেটত মাত্র ১ ৰান। অৱশ্যে অধিনায়িকা নেট স্কাইভাৰ-ব্ৰাণ্ট আৰু এলিছ কেপছেই চতুর্থ উইকেটত ১০৭ ৰান কৰি দলৰ বিপৰ্যয় ৰোধ কৰে যদিও এলিছে ৫০ ৰানত বিদায় লোৱাৰ পিছতে দলটোৱে পুনৰ বিপদত পৰে। অধিনায়িকাগৰাকীয়ে সর্বাধিক ৬৪ ৰানৰ অৰিহণা আগবঢ়ায়। আনহাতে, ডেনী রাট-হজে ৩৪ আৰু লিনছে স্মিথে ২৭ ৰানৰ অৰিহণা আগঢ়ায়। দক্ষিণ আফ্ৰিকাৰ হৈ কাপে সর্বাধিক ৫টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰিবলৈ আহি অপেনাৰ তথা অধিনায়িকা লউৰা ব’লভাৰ্ডৰ দুর্দান্ত ১৬৯, টাজমিন ব্রিটছৰ ৪৫, মাৰিজান কাপৰ ৪২ আৰু ক্ল’ ট্রায়নৰ অপৰাজিত ৩৩ ৰানৰ সহায়ত দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ৩১৯ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ একলেষ্টনে সৰ্বাধিক ৪টা উইকেট লাভ কৰে। দেওবাৰে হ’বলগীয়া ফাইনেলত দক্ষিণ আফ্রিকাই ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হ’বলগীয়া দ্বিতীয় ছেমিৰ বিজয়ী দলৰে মুখামুখি হ’ব।