ইংলেণ্ডক জয়ৰ বাবে ৩৭১ ৰানৰ লক্ষ্য বান্ধি দিলে টীম ইণ্ডিয়াই
ৰঙিলী বাৰ্ত্তাসেৱা- হেডিংলে টেষ্টত ঘৰুৱা দল ইংলেণ্ডক জয়ৰ বাবে ৩৭১ ৰানৰ লক্ষ্য বান্ধি দিছে টীম ইণ্ডিয়াই ।প্রথম ইনিংছত মাত্র ৬ ৰানৰ অগ্রগতি লাভ কৰা ভাৰতীয় দলটোৱে তৃতীয় দিনা ২ উইকেটত কৰা ৯০ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি অ’পেনাৰ লোকেশ ৰাহুল আৰু উইকেটকীপাৰ ঋষভ পণ্টৰ দৰ্শনীয় শতকৰ সহায়ত কালি চতুর্থ দিনা ৩৬৪ ৰান কৰি দ্বিতীয় ইনিংছ সামৰে। তৃতীয় দিনা ৪৭ ৰানত অপৰাজিত হৈ থকা লোকেশ ৰাহুলে চতুৰ্থ দিনা অনবদ্য বেটিং প্রদর্শনেৰে টেষ্ট কেৰিয়াৰত আন এক শতক অর্জন কৰে।তাৰকা বেটাৰগৰাকীয়ে ১৩৭ ৰানত বিদায় লয়। ইফালে, অধিনায়ক শুভমন গিলে মাত্র ৮ৰান কৰি পেভিলিয়নমুখী হয় । সেই সময়ত টীম ইণ্ডিয়াৰ স্ক’ৰ আছিল ৩ উইকেটত ৯২ ৰান। গিলক হেৰুৱাই দলটো বিপদত পৰিছিল যদিও ৰাহুলে পণ্টৰ সৈতে লগ লাগি দলীয় স্ক’ৰ বৃদ্ধি কৰায়েই নহয়, দলটোক সবল স্থিতিতো উপনীত কৰায়। দুয়োৰে চতুর্থ উইকেটত ১৯৫ ৰান সংগ্ৰহ কৰে। টেষ্ট কেৰিয়াৰত অষ্টমটো শতক অৰ্জন কৰা পণ্টে ১১৮ ৰানত আউট হোৱাৰ পূৰ্বে এক অভিলেখো গড়ে। টেষ্টখনৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰি ভাৰতৰ প্ৰথম তথা বিশ্বৰ দ্বিতীয়গৰাকী উইকেটকীপাৰ হিচাপে নজিৰ গঢ়ে ঋষভ পন্টে। পণ্ট আৰু ৰাহুল আউট হোৱাৰ পিছতে দলটোৰ বাকীসকল বেটাৰে বিশেষ উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়। কৰুণ নায়াৰে ২০, শ্বার্দুল ঠাকুৰে ৪, মহম্মদ চিৰাজ, যশপ্রীত বুমৰাহ আৰু প্ৰসিদ্ধ কৃষ্ণই কোনো ৰান নকৰাকৈ বিদায় লোৱাৰ বিপৰীতে ৰবীন্দ্র জাদেজাই ২৫ ৰান কৰি অপৰাজিত হৈ থাকে। ভাৰতীয় দলটোৱে মাত্র ৩১ ৰানৰ ব্যৱধানত ৫টা উইকেট হেৰুৱায়। ঘৰুৱা দল ইংলেণ্ডৰ হৈ ব্রাইডন কাৰছে আৰু জ’ছ টং উভয়ে সর্বাধিক তিনিটাকৈ উইকেট লাভ কৰাৰ লগতে ছোৱাইব বছিৰে দুটা, ক্ৰিছ র’কছ আৰু বেন ষ্ট’কছ উভয়ে এটাকৈ উইকেট লাভ কৰে।কালি ভাৰতৰ দ্বিতীয় ইনিংছৰ সমাপ্তিৰ পিছত বেটিং কৰিবলৈ নমা ঘৰুৱা দল ইংলেণ্ডে ছয় অভাৰ খেলি কোনো উইকেট নেহেৰুৱাকৈ ২১ ৰান কৰিবলৈ সক্ষম হয়। আজি পঞ্চম তথা নির্ণায়ক দিনটোত ভাৰতক প্রয়োজন ১০ উইকেটৰ। আনফালে, ইংলেণ্ডক ৯০ অভাৰত ৩৫০ ৰানৰ প্ৰয়োজন। উত্তেজনাৰে ভৰা প্ৰথম টেষ্টখনৰ ফলাফলক লৈ ক্রিকেট বিশ্বই অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে।