আৱৰ্জনা  –  তীৰ্থ পিন্টু বড়া

আৱৰ্জনা
 
 তীৰ্থ পিন্টু বড়া 
      পৰীক্ষালৈ বেছি দিন নাই। মাজত মাত্ৰ দহটা দিন। তাতে মাকৰ অসুখ। দুদিন বিছনাতে পৰি আছে। দেউতাক বিহীন ঘৰখনত মাকেই আছিল একমাত্ৰ উপাৰ্জনকাৰী। মাক অসুস্থ হৈ থকা দেখি কাহিলী পুৱাতে উঠি পুৱা আঠ বজালৈকে মনপুতি পঢ়ি মাকক চাহ একাপ খাবলৈ দি মণি জনাৰ্দন মহাজনৰ ঘৰ পালেগৈ।
     …অ’ খুড়ী! খুড়ী! বাৰাণ্ডাৰ পৰাই মাত দিলে মণিয়ে। মাতষাৰ শুনি মহাজনৰ ঘৈণীয়েক ৰূপালী ওলাই আহিল।
: মাৰ ক’ত মণি! ঘৰৰ গোটেই কামবোৰ পৰি আছে।
: মাৰ গা বেয়া খুড়ী। বিছনাৰ পৰা উঠিবই পৰা নাই। আপোনালোকৰ অসুবিধা হয় বুলিহে মই আহিলোঁ। কি কি কাম কৰিবলৈ আছে দিয়ক। ময়ে কৰি থৈ যাওঁ।
: ঔষধ পাতি খুৱাইছ নে নাই!
: ঔষধ আনিবলৈ পইচাই নাই হাতত। জানেই নহয় আমাৰ দৰে মানুহৰ হাতত জমা টকা নাথাকে। যি কেইটকা পাওঁ ইফাল সিফাল কৰোতেই শেষ হৈ যায় খুড়ী।
: তই মেট্ৰিক নিদিবি জানো এইবাৰ! মণিৰ মুখলৈ চাই সুধিলে মহাজনৰ ঘৈণীয়েকে।
: দিম খুড়ী। পঢ়িবলগীয়াখিনি পঢ়ি থৈ আহিছোঁ। কি কাম কৰিবলৈ আছে সোনকালে কওক। কাম কেইটা কৰি ঘৰলৈ যাওঁ। দুপৰীয়া ৰান্ধিবলৈয়ো ঘৰত চাউল নাই।
: তই অকণমান বহচোন! মই ভিতৰৰ পৰা আহোঁ।
    কথাষাৰ কৈয়ে ভিতৰলৈ সোমাই গ’ল মহাজনৰ ঘৈণীয়েক। বাৰাণ্ডাত পাৰি থোৱা দীঘলীয়া কাঠৰ বেঞ্চখনতে বহি ইফালে সিফালে চকু ফুৰালে মণিয়ে। বাৰাণ্ডাত সজাই থোৱা প্ৰতিটো টাবত ফুলি আছে নানা ৰঙীণ ফুল। মৃদু মৃদু ফুলৰ সুবাসে ঘৰখনৰ পৰিৱেশটো জীপাল কৰি ৰাখিছে। একেথৰে ফুল কেইজোপালৈ চাই থাকোঁতেই হাতত ডাঙৰ টোপোলা এটা লৈ মহাজনৰ ঘৈণীয়েক ৰূপালী আগফালে ওলাই আহিল।
     …এইটো ল আৰু পোনে পোনে ঘৰলৈ যা। পৰীক্ষালৈ কেইদিন আছে! টোপোলাটোতে চাউল দাইল কেইটামান ভৰাই দিছোঁ। লগতে জ্বৰৰ মেডিচিন দুটামানো দি পঠিয়াইছোঁ। ভাত কেইটামান খোৱাৰ পাছত মাৰক খুৱাই দিবি।
: কিন্তু খুড়ী…! কামবোৰ কোনে কৰিব?
: তই সেইবোৰ চিন্তা কৰিব নালাগে নহয়। এতিয়া তোৰ পঢ়াৰ সময়। পঢ়াত মন দেগৈ যা। তেতিয়াহে মাৰৰ কষ্টবোৰ সাৰ্থক হ’ব। তইয়ে মাৰৰ আশা ভৰসা নহয় জানো!
: হয় খুড়ী!
: সময় বৰ বেগী। সময়ৰ সৎ ব্যৱহাৰ কৰিব নোৱাৰিলে পাছত দুখ কৰি লাভ নাই।
       ৰূপালীৰ হাতৰ পৰা টোপোলাটো লৈ হাঁহিমুখে ঘৰ পালেহি মণি। …ক’ত গৈছিলি মাজনী! প্ৰশ্ন কৰিলে মণিৰ মাকে।
: জনাৰ্দন খুড়াৰ ঘৰলৈ। খুড়ীয়ে চাউল দাইল আৰু তোলৈ ঔষধ দি পঠিয়াইছে।
: মোক নোকোৱাকৈ তই কিয় গৈছিলি মাজনী!
: কিয় মা!
: আগলৈ যাতে তই সেইখন ঘৰত ভৰি নিদিয়গৈ। সিহঁতৰ দৃষ্টিত তই আৱৰ্জনা হ’ব পাৰ, কিন্তু মোৰ বাবে তই আচলৰ ধন অ’ তৰা!
    মাকৰ কথাৰ অৰ্থ একো বুজিব নোৱাৰিলে মণিয়ে। টোপোলাটো মাকৰ বিছনাৰ তলতে থৈ সৰু টেবুলখন আগফালে উলিয়াই কিতাপ বহী মেলি ললে মণিয়ে। মাঘ মাহ বাবেই কুঁৱলীয়ে আৱৰি ৰাখিছিল সমগ্ৰ পৰিবেশ। কুঁৱলীৰ ঘন আৱৰণ ফালি পুৱাৰ কোমল ৰ’দালি এখোজি দুখুজিকৈ উঠি আহি মণিক সাৱতি ধৰিলে। ৰাঙলী সুৰুজৰ ৰঙীণ আভাই মণিৰ মনৰ আকাশখনো উজ্জলাই তুলিলে।