আৱেগৰ অভিমান
নাচিমা য়াচমিন
বিশ্বনাথ চাৰিআলি
অব্যক্ত অনুভূতিবোৰে আজি
হৃদয় গভীৰত হুমোনিয়াইছে,
আৱেগিক মনে তোমাৰ অপেক্ষাত
আকাশত চাং পাতিছে।
জানা ৰাতিবোৰ বৰ দীঘলী হয়,
অন্ধকাৰ খিনি দুগুণী হয়।
ঠিক তোমাৰ অভিমানবোৰৰ দৰে,
যি শেষ হোৱাৰ নামেই নলয়।
বছৰ সলনি হ’ল, নতুনত্বই ঠাই ল’লে
তুমিও বহু সলনি হ’লা ,
কিন্তু তোমাৰ প্ৰতি মোৰ অনুভৱখিনি
সলনি হোৱা নাই, আগৰ দৰেই আছে।
কিমান সুখৰ হ’লহেঁতেন, যদিহে
মোৰ দৰে তুমিও মোক বুজি পালাহেঁতেন,
তোমাক পোৱাৰ হাবিয়াস খিনিৰ দৰে
তুমিও মোক বিচাৰিলা হেঁতেন।