আৱিষ্কাৰেৰে জগত জিনা এজন মানুহ – মুন শৰ্মা

PC-Wikipedia
 আৱিষ্কাৰেৰে জগত জিনা এজন মানুহ
  মুন শৰ্মা, লখিমপুৰ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিলানত মহানগৰত এটা সময়ত এটা ল’ৰা আছিল।মাক দেউতাকে তাক মাতিছিল মৰমতে “আল” বুলি। এদিন তাৰ বাবে সিহঁতৰ ঘৰত লাগিছিল হাহাকাৰ, কাৰণ তাক ঘৰৰ মানুহে  বহু সময় জুৰি বিচাৰি পোৱা নাছিল। অৱশেষত তাক আৱিষ্কাৰ কৰিছিল মাকে সিহঁতৰ ভৰালৰ ভিতৰত খেৰৰ মাজত জুপুকা মাৰি বহি থকা অৱস্থাত।মাকে তাক সুধিছিল? “আল”তোমাৰ বাবে ঘৰত হুলস্থল আৰু তুমি ইয়াত বহি আছা মনে মনে! কিয়? প্ৰশ্নৰ উত্তৰ হিচাপে সি কৈছিল মাকক “মা” মই ইয়াত কুকুৰাৰ পোৱালি উলিয়ায় আছোঁ।তাকে শুনি মাকে ভাল দৰে চাই দেখিলে যে” এসোপামান খেৰৰ মাজত কিছু কুকুৰাৰ কণী ৰাখি তাৰ উপৰত সি বহি আছে।এটা হাঁহি উঠা কাহিনী এই ল’ৰা জন কোন আপোনালোকে জনে নে!মই কৈছোঁ শুনিব,,এই জন কুকুৰাৰ কণী উমনি দিব বিচৰা ল’ৰা  আন কোনো নহয়,বিখ্যাত বিজ্ঞানী আৱিষ্কাৰক এক হাজাৰ কৈ অধিক আৱিষ্কাৰ কৰি মানৱ জাতিক বহু কিবা কিবি দি যোৱা বিজ্ঞানৰ খবৰ ৰখা প্ৰতি জন মানুহৰ চিনাকি  মানুহ।১৮৪৭চনত অৰ্থাৎ ভাৰত স্বাধীন হোৱা এশ বছৰ আগত জন্ম গ্ৰহণ কৰা  শৈশৱত  ৰামধেনু কিয় ওলাই! পাহাৰৰ পৰা পানী কিয় বৈ আহে! জাৰকালি কিয় বৰফ পাৰে! আদি বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি ফুৰা  তেওঁৰ নাম “টমাছ আলভা এডিচন”।শিশু অৱস্থাত ঘৰৰ মানুহক  প্ৰায়েই  বিভিন্ন প্ৰশ্ন কৰি আমনি কৰি থকা বাবে বহুতে “মিষ্টাৰ হোৱাই” মতা তেখেতৰ এই যে ওপৰত এক হাজাৰত কৈ অধিক আৱিষ্কাৰ কৰা কথা কৈছিলো তাৰে ভিতৰত সকলোতকৈ ডাঙৰ, বা মানৱ জাতিৰ বাবে  বৰ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ বুলি ক’ব পৰা  আৱিষ্কাৰ হ’ল ইলেকট্ৰিকেল বাল্ব যিটো তেওঁ ১৮৭৯চনত আৱিষ্কাৰ কৰিছিল। তাৰ বাবেই ১৮৮০চনত  মেলন পাৰ্ক নামৰ এখন পাৰ্ক পোহৰাই তুলিছিল। ইয়াৰ পাছত নিউয়ৰ্ক মহানগৰীত ৭৪ কিলোমিটাৰ এলেকা তেওঁৰ প্ৰচেষ্টাত পোহৰ  হ’বলৈ সক্ষম হৈছিল। লগে লগে এই পোহৰৰ দৰেই গোটেই বিশ্বত তেওঁ নামটোও পোহৰ হৈ জিলিকি পৰিছিল।উল্লেখ্য যে কিছু পলমকৈ অৰ্থাৎ সাত বছৰ বয়সত হে” স্কুলীয়া শিক্ষা আৰম্ভ কৰা তেখেতে  এটা সময়ত স্কুল এৰি দিছিল আৰু প্ৰায় ছয় বছৰ পৰ্যন্ত লৈ। স্কুল এৰি দিয়াৰ কাৰণ সমূহৰ ভিতৰত এই প্ৰশ্ন সুধি থকা স্বভাৱ টোও আছিল।কাৰণ ঘৰৰ উপৰিও স্কুলতও  তেওঁ সকলোকে আমনি কৰিছিল প্ৰশ্ন কৰি, ফলত বহুতো অসুবিধা আহি পৰিছিল তেওঁৰ বাবে বিদ্যালয়ত।পিছে যদিও তেওঁ যোৱা নাছিল স্কুললৈ তথাপি তেওঁৰ মাকে তেওঁক সদায় পঢ়াইছিল আৰু দেউতাকে  বাবে প্ৰতি সপ্তাহত এখনকৈ কিতাপ  আলৰ বাবে কিনিছিল আৰু আলক কৈছিল কিতাপ খন পঢ়ি তাৰ কাহিনীটো দেউতাকক ক’ব লাগিব যদি ক’ব পাৰে তেন্তে তেওঁক  পইচা দি পুৰস্কাৰ প্ৰদান কৰা হ’ব।পইচা পোৱাৰ আশাতে টমাছ আলভা এডিচনে কিতাপ বোৰ মনোযোগেৰে পঢ়িছিল।দেউতাকে লগাই দিয়া এই কাম এটা সময়ত তেওঁৰ বাবে নিচা হৈ পাৰিলে  আৰু বিভিন্ন বিষয়ৰ কিতাপ অধ্যায় কৰি  তেওঁ সময়ৰ লগে লগে তেওঁৰ  জ্ঞানৰ জগত খন বহল হৈ গৈ থাকিল। আৰু ই সহায় কৰিলে তেওঁক আৱিষ্কাৰক ৰূপে আত্মপ্ৰকাশ কৰাৰ ক্ষেত্ৰত কাৰণ তেওঁৰ নাছিল কোনো উচ্চ শিক্ষা আৰু কোনো ডাঙৰ ডিগ্ৰী মাত্ৰ কেইটামান বছৰ হে আনুষ্ঠানিক শিক্ষা লাভ  কৰি আধৰুৱা শিক্ষাৰ দাগ লগাৰ পিছতো তেওঁ নিজৰ প্ৰচেষ্টাৰে হৈ পৰিছিল এজন বিখ্যাত গৱেষক আৰু আৱিষ্কাৰক।এই শিশুৰ অৱস্থাৰে কথা,, চনত টো ১৮৫৭ যেতিয়া তেওঁৰ বয়স দহ বছৰ আছিল তেতিয়া তেওঁ এদিন এখন কিতাপ পালে।কিতাপ খন আছিল  ৰিচাৰ্ড গ্ৰীণ পাৰ্কাৰে লিখা School compendium of natural and Experimental philosophy.এই কিতাপ খনে তেওঁক  আলোক বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ লগত চিনাকি কৰাই দিছিল আৰু ইয়েই টমাছ আলভা এডিচনক টানি লৈ গল এটা গৱেষণাগাৰ খুলিবলৈ যাৰ বাবেই আজি  পালোঁ তেওঁক এজন মহান আৱিষ্কাৰক ৰূপে আমি।এদিন তেওঁ মাকৰ অনুমতি লৈ  ঘৰতে    বহুতো সামগ্ৰী গোটেই গৱেষণা গাৰত প্ৰায় দুটা বছৰ গৱেষণা কৰিছিল।তেতিয়ালৈ তেওঁৰ হোৱা নাছিল তাৰ বাবে কোনো ধনৰ  দৰকাৰ কিন্তু সময়ৰ বাগৰি যোৱাৰ লগে লগে তাত ধনৰ দৰকাৰ আহি পৰিল। ইয়াৰ অভাৱ পূৰণ কৰিবলৈ  তেওঁ কাকত মিঠাই, ফল-মূল বেচা কাম কৰিছিল।পিছলৈ তেওঁ এজন সাংবাদিক, সম্পাদক আৰু ছপাকলত প্ৰকাশক ৰূপে  নিজক প্ৰতিষ্ঠা কৰি এখন কাকত প্ৰকাশ কৰিছিল ।মুঠতে বেচা- কিনা আৰু প্ৰকাশকৰ কাম  কৰি ঘটা টকাৰে তেওঁ গৱেষণাগাৰ চলাইছিল। তেওঁ যিখন কাকত প্ৰকাশ কৰিছিল তাৰ অফিচ আছিল এটা অদৰকাৰী কৈ পৰি ৰোৱা ৰেলৰ ডবাত  আৰু ইয়াতে তেওঁ সেই ঘৰতে পতা গৱেষণা গাৰটো এটা সময়ত তুলি লৈ আহিছিল। কিন্তু দুখৰ কথা  ১৮৬২চনত এটুকুৰা “ফাছফৰাছ” পৰি  জ্বলি  নষ্ট হৈ গৈছিল।আৰু এটা কাহিনী,,যিটো তেওঁৰ কামত লগত খাঙুৰ খাই আছে যে তেওঁ যেতিয়া ১৫  বছৰীয়া আছিল তেতিয়া এবাৰ এজন ল’ৰাক ৰেল লাইনত ৰেলৰ সন্মুখত পৰি মৃত্যু  হোৱাৰ পৰা  বচাইছিল ফলত সেই ল’ৰাটোৱে কৃতজ্ঞতা স্বৰূপে  তেওঁক  ষ্টেচনৰ তাঁৰ বাৰ্তা পঠোৱা কাম শিকাইছিল কাৰণ তেওঁ তাত এই কাম কৰিছিল।সেয়ে এটা সময়ত তেওঁ  তাৰ বাৰ্তা প্ৰেৰকৰ কামও কৰিছিল।জানিব লগা কথা যে তেওঁৰ ইমান বোৰ আৱিষ্কাৰৰ ভিতৰত সৰ্বপ্ৰথম ফন ‘গ্ৰাফ  আৱিষ্কাৰ কৰিছিল। ইয়াৰ পাছত  টেলিগ্ৰাফ, চলচ্চিত্ৰ দেখুওৱা যন্ত্ৰ, ভোটদান যন্ত্ৰ, বেটাৰি আদি আৱিষ্কাৰ কৰিছিল যিখন এখন বিশাল তালিকা হ’ব। যি বোৰে অতীত বৰ্তমান আৰু ভৱিষ্যত কৰি আছিল কৰি আছে আৰু কৰি থাকিব মানৱ সমাজক বিভিন্ন ধৰণে সহায়।