আৱাহন থিয়েটাৰৰ ৰিমিক্স নাটক ‘লভিতা’ক নিষিদ্ধ কৰাৰ দাবী অসম জাতীয় পৰিষদৰ

PC- The Janambhumi

আৱাহন থিয়েটাৰৰ ৰিমিক্স নাটক ‘লভিতা’ক নিষিদ্ধ কৰাৰ দাবী অসম জাতীয় পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আৱাহন থিয়েটাৰত সম্প্ৰতি মঞ্চস্থ হৈ থকা ৰিমিক্স নাটক ‘লভিতা’ক নিষিদ্ধ ঘোষণা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, “ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৱালাৰ যুগান্তকাৰী নাটক ‘লভিতা’ক বিকৃতি ৰূপত উপস্থাপন কৰাটো আচলতে জাতি আৰু জাতিৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি এক চূড়ান্ত অপমান৷ নাটকখন ন-কৈ লিখা নাট্যকাৰ, থিয়েটাৰৰ প্ৰযোজক আৰু অভিনেতা-অভিনেত্ৰীসকল একো একোগৰাকী অসমীয়া হোৱা স্বত্বেও ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকক বিকৃত ৰূপত মঞ্চত উপস্থাপন কৰিবলৈ তেওঁলোকৰ বিবেকেৰে বাধা নিদিলেনে?” গগৈ আৰু ভূঞাই কয় যে বিজেপি চৰকাৰে বিনামূলীয়া আঁচনিৰে হিতাধিকাৰী সৃষ্টি কৰি ৰাজ্যৰ অৰ্থনীতিৰ ভেটি দুৰ্বল কৰি তোলাৰ দৰে সাংস্কৃতিক ক্ষেত্ৰখনতো হিতাধিকাৰী সৃষ্টিৰ প্ৰয়াস চলোৱাৰ পৰিণতি স্বৰূপে আজি সাংস্কৃতিক ক্ষেত্ৰখনতো ৰাজ-তোষামোদকাৰীৰ সৃষ্টি হৈছে আৰু তাৰ পৰিণতিত জাতিৰ সাংস্কৃতিক ঐতিহ্য এনেদৰে প্ৰত্যাহ্বানৰ মুখত পৰিবলগীয়া হৈছে৷অসমীয়া নাট্য সাহিত্যক বিকৃত কৰাটোক এটা বৌদ্ধিক অপৰাধ আখ্যায়িত কৰি গগৈ আৰু ভূঞাই কয় যে ৰূপকোঁৱৰৰ ‘লভিতা’ নাটকক এনেদৰে বিকৃত ৰূপত উপস্থাপিত হ’বলৈ দিলে ভৱিষ্যতলৈ জাতিৰ সকলো ইতিহাস-ঐতিহ্যকে এনেদৰে বিকৃত কৰা হ’ব৷ সেয়ে আৱাহন থিয়েটাৰৰ ৰিমিক্স নাটক ‘লভিতা’ক নিষিদ্ধ ঘোষণা কৰাৰ প্ৰয়োজন বুলি গগৈ আৰু ভূঞাই মত প্ৰকাশ কৰে৷ গগৈ আৰু ভূঞাই লগতে নাটকখনৰ সৈতে জড়িত সকলোকে চৰকাৰৰ ওচৰত নহয়, ৰাইজৰ ওচৰতহে দায়বদ্ধ হ’বলৈ আহ্বান জনায়৷