আৱাহনৰ মঞ্চত দুটি নিশাৰ অনুভৱ
আৱাহন থিয়েটাৰৰ এক সুকীয়া পৰিচয় আছে ৷ নাটকৰ মাজেৰে সমাজৰজীৱনৰ সঁচা অনুভৱবোৰ দাঙি ধৰিবলৈ চেষ্টা কৰা হয় নাটকৰ জৰিয়তে ৷নাটক এখন সফল হবলৈ হ’লে অভিনয়, নাট্যকাৰ, কলাকৌশল, চাৰিওপিনৰ দিশৰ ওপৰত নিৰ্ধাৰণ কৰা হয় ৷ আৱাহন থিয়েটাৰৰ মঞ্চৰ নাটক “ মীনাক্ষীৰ সংগীত সন্ধিয়া“ আৰু “গিৰিপ গাৰাপ খোজেৰে কইনা আহে “ দুখন নাটক চালোঁ ৷ নাটক দুখনৰ পৰা সুকীয়া আমেজ পালোঁ ৷ অভিনেতা-অভিনেত্ৰীসকলৰ দুৰ্দান্ত অভিনয়ে সকলো ৰাইজৰ হৃদয় জিনিবলৈ সফল হৈছে ৷ বিশেষভাৱে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ অভিনয়ে সকলোকে অভিভূত কৰিছে ৷ ব্যক্তিগতভাৱে লগ পোৱা অভিনেত্ৰীগৰাকীৰ ব্যক্তিত্বও সুকীয়া ৷ অহংকাৰবিহীন ভাৱে সকলো ৰাইজৰ কথা-বতৰাৰ লগতে হাঁহি-স্ফূৰ্তিৰে নাটকৰ শেষত সকলো ৰাইজৰ লগত কিছু সময় কটোৱা মানুহগৰাকীৰ হৃদয়খন সঁচাকৈয়ে বৰ বিশাল ৷অভিনেতা কল্যাণ, জিতু , চন্দন আদি সকলোৰে অভিনয়ে মন মুহিত কৰিলে ৷ এতিয়া আহোঁ নাটকৰ বিষয়বস্তুলৈ ৷ “ বৰ্তমান সময়ৰ উপযোগী এখন নাটক “ মীনাক্ষীৰ সংগীত সন্ধিয়া“ ৷ বৰ্তমান সময়ত চচিয়েল মেডিয়াৰ প্ৰভাৱ , মেডিয়াৰ অপপ্ৰচাৰে একো একোটা পৰিয়াললৈ কিদৰে ধ্বংস মাতি আনিব পাৰে তাৰেই আধাৰত ৰচিত নাটকখন ৷ সমাজত মানুহৰ মনত থিতাপি লোৱা নেতিবাচক চিন্তাৰ বাবে মানুহৰ জীৱনলৈ ঘপককৈ নামি অহা কালধুমুহাই সকলোবোৰ থানবান কৰা বহুত সংবেদনশীল মুহূৰ্তবোৰে হৃদয় জিনি গৈছে ৷ ৰাইজৰ সমাদৰ লাভ কৰা নাটকখন সফল বুলিব পাৰি ৷
আনখন নাটক “ গিৰিপ-গাৰাপ খোজেৰে কইনা আহে“ নাটকখনত এগৰাকী নাৰীয়ে কিমান ত্যাগ পৰিব পাৰে ৷ তাৰেই উত্তম উদাহৰণ নাটকখনৰ জৰিয়তে অনুভৱ কৰিব পাৰি ৷ এগৰাকী পুলিচ অফিচাৰ হৈও এগৰাকী পত্নী, এগৰাকী কন্যা, এগৰাকী বোৱাৰী, এগৰাকী বৌয়েকৰ ভূমিকা পালন কৰোঁতে কিমান ত্যাগ স্বীকাৰ কৰিবলগীয়া হয় তাৰেই উৎকৃষ্ট উদাহৰণ এই নাটকখন ৷ দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ মন মোহিত কৰা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ অভিনয়ে মানুহৰ হৃদয়ত সাঁচ বহুৱাইছে ৷ গতিকে এককথাত কবলৈ গ’লে নাটকৰ বিষয়বস্তু, অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয় সকলোফালৰ পৰাই নাটক উৎকৃষ্টতম হোৱা বুলিব পাৰি ৷
