আৱদ্ধ আত্মাৰ আৰ্তনাদ – নাচিমা য়াচমিন

আৱদ্ধ আত্মাৰ আৰ্তনাদ

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

নগ্ন নগৰৰ নিৰস প্ৰাচীৰবোৰত
কিয় এতিয়াও আৱদ্ধ
তোমাৰ আত্মা?
অলস সন্ধিয়াবোৰৰ গৰ্ভত
কিয় এতিয়াও জ্বলন্ত আকুলতা?
বৰষুণৰ কুঁৱলীয়াত বিয়পি
পৰা আঁধাৰত কিয় বাজে
কেৱল বিষাদৰ আৰ্তনাদৰ  ছায়া?
ক’ত হেৰাই গ’ল সেই অনুভৱৰ
অন্তৰালত লুকাই থকা কুৰলী?
ক’ত হেৰাই গ’ল সেই কুঁৱলীৰ
বুকুত গাঁথি থোৱা পৃথিৱী?
আৰু—
সেই হৃদয়-বিদাৰক শব্দ ক’ত?
যিটো শুনিলেই কলিজাখন
কঁপি উঠিছিল একসময়?