আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত সংঘৰ্ষত প্ৰায় ১০০ জন সৈন্য নিহত

Pc BBC

আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত সংঘৰ্ষত প্ৰায় ১০০ জন সৈন্য নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত সীমান্তত সংঘৰ্ষত প্ৰায় ১০০ জন সৈন্য নিহত হৈছে। আৰ্মেনিয়াই কৈছিল যে এই সংঘৰ্ষত আৰ্মেনিয়াৰ ৪৯ জন সৈনিকৰ মৃত্যু হৈছে, আনহাতে আজাৰবাইজানে দাবী কৰিছিল যে তেওঁলোকৰ ৫০ জন সৈন্যৰ মৃত্যু হৈছে। শেহতীয়াকৈ হিংসাত্মক পৰিস্থিতিৰ বাবে দুয়োখন দেশে ইজনে সিজনক দোষাৰোপ কৰিছে। বিতৰ্কিত নাগৰ্নো-কাৰাবাখ অঞ্চলক লৈ আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত দশক দশক ধৰি যুঁজ চলি আহিছে।