আৰ্জেণ্টিনাৰ কিংবদন্তি তাৰকা মেছিক টি-২০ বিশ্বকাপ চাবলৈ আমন্ত্ৰণ আইচিচিৰ অধ্যক্ষ জয় শ্বাহৰ

আৰ্জেণ্টিনাৰ কিংবদন্তি তাৰকা মেছিক টি-২০ বিশ্বকাপ চাবলৈ আমন্ত্ৰণ আইচিচিৰ অধ্যক্ষ জয় শ্বাহৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কলকাতাৰ পৰা আৰম্ভ হৈ নতুন দিল্লীত সামৰণি পৰিল আর্জেন্টিনাৰ চুপাৰষ্টাৰ লিঅ’নেল মেছিৰ জিঅ’এটি ট্যুৰ ইভেন্টৰ। নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত অহা বৰ্ষত ভাৰত আৰু শ্রীলংকাত যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ মেচ উপভোগ কৰাৰ বাবে আইচিচিৰ অধ্যক্ষ জয় শ্বাহে বিশ্ব চেম্পিয়ন আর্জেন্টিনাৰ তাৰকা ফুটবলাৰ মেছিক আমন্ত্রণ জনায়। আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ ভাৰত আৰু আমেৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচখনৰ এটা প্রতীকী টিকটো প্রদান কৰে লিঅ’নেল মেছিক।

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আয়োজন কৰা এক অনুষ্ঠানত অংশ লোৱা মেছিক সাক্ষাৎ কৰে আইচিচিৰ অধ্যক্ষ জয় শ্বাহে। সাক্ষাৎকালত জয় শ্বাহে বিশ্বৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰ মেছিক টি-২০ বিশ্বকাপৰ উদ্বোধনী মেচখনৰ টিকট প্ৰদান কৰাই নহয়, বৰ্তমানৰ ভাৰতীয় টি-২০ দলৰ জাছীও উপহাৰ হিচাপে প্ৰদান কৰে। মেছিৰ লগতে লুইছ চুৱাৰেজ আৰু ৰড্রিগো ডি পলকো ভাৰতীয় টি-২০ দলটোৰ জাছী উপহাৰ হিচাপে দিয়ে জয় শ্বাহে। মেছিক ১০ নম্বৰ, ছুৱাৰেজক ৯ নম্বৰ আৰু ডি পলক ৭ নম্বৰ জাৰ্জী প্রদান কৰে জয় শ্বাহে। ইয়াৰ উপৰি ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ স্বাক্ষৰিত বিশেষ ক্রিকেট বেট এখনো মেছিক উপহাৰ হিচাপে দিয়া হয়। ইপিনে, এই অনুষ্ঠানটোত উপস্থিত থাকি ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুটীয়ায়ো তিনিওগৰাকী বিশ্বশ্রেষ্ঠ ফুটবলাৰৰ সৈতে মত বিনিময় কৰে।

 

ষ্টেডিয়ামৰ পৰা বিদায় লোৱাৰ পূৰ্বে মেছিয়ে কয় যে ভাৰতলৈ অহাৰ পিছত এই কেইদিনত যি মৰম পাইছোঁ তাৰ বাবে ধন্যবাদ। মই অতি কম সময়ৰ বাবে থাকিবলৈ সক্ষম হৈছিলোঁ। কিন্তু মই আগতীয়াকৈ জানিছিলোঁ যে ভাৰতত এনেকুৱা সম্মান পাম। আপোনালোকে আমাৰ বাবে যি কৰিছে, সেয়া শব্দৰে বুজাব নোৱাৰি। মেচৰ বাবে হওক বা আন কোনো কাৰণত হওক, আমি নিশ্চিতভাৱে এদিন ভাৰতলৈ পুনৰ আহিম।উল্লেখ্য যে যোৱা শনিবাৰে কলকাতাত আৰম্ভ হয় লিঅ’নেল মেছিৰ এই ‘GOAT India Tour 2025’। তাৰ পিছত তেওঁ হায়দৰাবাদত উপস্থিত হয়। ভ্ৰমণৰ দ্বিতীয় দিনা তেওঁ মুম্বাইত উপস্থিত থাকে। তাৰ পিছত তৃতীয় তথা অন্তিম দিনা দিল্লীৰ কাৰ্যসূচীত অংশ লয়। এই তিনিদিনীয়া ভ্ৰমণকালত তেওঁক সংগ দিয়ে দুই সতীৰ্থ লুইছ ছুৱাৰেজ আৰু ৰড্ৰিগো ডি পলে।