আৰোহন ফাউন্দেশ্বনৰ আৰোহন উৎকৰ্ষ বঁটা প্ৰদান- গ্ৰন্হ উন্মোচন

আৰোহন ফাউন্দেশ্বনৰ আৰোহন উৎকৰ্ষ বঁটা প্ৰদান- গ্ৰন্হ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- আৰোহন ফাউণ্ডেশ্যনৰ উদ্যোগত ১৩ অক্টোবৰত মহানগৰীৰ দিছপুৰস্থিত গড়কাপ্তানি সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত আয়োজন কৰা হয় আৰোহণ উৎকৰ্ষ বঁটা প্ৰদান আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান।অনুষ্ঠানত ভাষা-সংস্কৃতি, জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ সমাজৰ সুস্থ বার্তাবাহকৰ নির্ণায়কৰ ভূমিকা গ্ৰহণ কৰা বহুকেইগৰাকী ব্যক্তিক বঁটা প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত অসম দিছপুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজন, ইউ এছ টি এমৰ প্ৰ’ উপাচাৰ্য ড° বলেন্দ্ৰ কুমাৰ দাস, অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ প্রাক্তন সঞ্চালক কৈলাশ বৰ্মণ, অসমীয়া চলচ্চিত্রৰ পৰিচালক, প্রযোজক প্ৰতিমা বৰুৱা, বিশিষ্ট সমাজকর্মী পংকজ আগৰৱালা, বিশিষ্ট অভিনেতা মন্মথ বৰুৱা,নিৰ্মালি দাস ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷গীত-মাত, কবিতাৰে অনুষ্ঠানটি উজ্জীৱিত কৰিলে আৰোহণৰ শিল্পী সকলে৷ অনুষ্ঠানত মডেল প্ৰীতি দাসগুপ্তাই পৰিচালনাৰে আয়োজন কৰা হৈছিল সাজ-পাৰেৰে এক বিশেষ ফেশ্বন শ্ব’।চুমী ৰহমান, ঊষামণি শইকীয়া কে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকে৷