আৰোহন ফাউণ্ডেশ্বন-আৰোহন সংগীত কাননৰ ৰঙৰ উৎসৱ ৰঙালী উদ্‌যাপন

আৰোহন ফাউণ্ডেশ্বন-আৰোহন সংগীত কাননৰ ৰঙৰ উৎসৱ ৰঙালী উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  আৰোহণ ফাউণ্ডেশ্বন আৰু সংগীত কাননৰ উদ্যোগত আজি সংগীত কাননৰ প্ৰাংগনত সঞ্চালিকা ড° সীমা বৰাৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰঙৰ উৎসৱ ৰঙালী উদ্‌যাপন কৰা হয়৷বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত মঞ্চ উদ্বোধন কৰে সাংস্কৃতিক মহাসভাৰ সভাপতি,প্ৰাক্তন আৰক্ষী বিষয়া,সমাজকৰ্মী পবিত্ৰ কুমাৰ শৰ্মাই৷অনুষ্ঠানত বিশিষ্ট কবি নীলিম কুমাৰে কবিতা পাঠ কৰাৰ লগতে ভাষণ দিয়ে৷বিশিষ্ট সংগীত শিল্পী তথা সমাজসেৱক অজয় ফুকন,ড° বৰ্ণালী দাসে গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আমোদ দিয়ে৷বিশিষ্ট চিত্ৰনাট্য, সংলাপ লেখক পল্লৱ পৱন বৰুৱা,আৰক্ষী মুখ্য তদন্তকাৰী বিষয়া হেমন্ত ভটাচাৰ্য,শ্যামল ভটাচাৰ্য,জয়ন্ত পাটগিৰী,সংবাদকৰ্মী কমল কুমাৰ,দিম্পী,নিশা হাজৰিকা,চন্দ্ৰমোহন দাস আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকে৷আৰোহন সংগীত কাননৰ অধ্যক্ষ জন্মী দাসৰ পৰিচালনাত আৰোহণ সংগীত কাননৰ শিল্পী সকলৰ গীত,বিহুনাচ, বাৰেবৰণীয়া নৃত্য,জেং বিহুকে আদি কৰি বহু কেইজন শিশু শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰি হেঁপাহৰ বিহুটি উদযাপন কৰাৰ লগতে ওপজা দিনটোত জ্যেষ্ঠ সকলে ড° সীমা বৰাক আশীৰ্বাদ দিয়ে৷