আৰোহণ ফাউণ্ডেশ্যন-আসাম পষ্টৰ সাংস্কৃতিক সমাৰোহ

আৰোহণ ফাউণ্ডেশ্যন-আসাম পষ্টৰ সাংস্কৃতিক সমাৰোহ

ৰঙিলী বাৰ্ত্তাসেৱা-   আৰোহণ ফাউণ্ডেশ্যন আৰু আসাম পষ্টৰ সাংস্কৃতিক সমাৰোহ আজি গুৱাহাটীৰ পি ডব্লিঅ’ ডি কনভেন্ট প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷অনুষ্ঠানত আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য্য কান্ত হাজৰিকাই,মঞ্চ উদ্বোধন কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিমল বৰাই৷অনুষ্ঠানত ৰাজহ মন্ত্ৰী যোগেন মহন,বিশিষ্ট চিকিৎসক ডা° জয়ন্ত বিশ্বশৰ্মা,বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, শ্যামন্তিকা শৰ্মা,বিশিষ্ট শিল্পী মনীষা হাজৰিকা,বিশিষ্ট লেখিকা স্বপ্নালী মহন্ত,ড° মঞ্জিৰা চৌধুৰী,”ভাষাৰ মৰণ যাত্ৰা” গ্ৰন্থ খনৰ উন্মোচক বিশিষ্ট সাহিত্যিক মণিকুন্তলা ভটাচাৰ্য্য,আৰু বহু কেইজন বিশিষ্ট অতিথি উপস্হিত থাকে৷উক্ত অনুষ্ঠানটিত USTM,Assam professional Academy, Jazzy লৈ শৈক্ষিক বঁটা,বিশিষ্ট জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, নিতুমণি শইকীয়ালৈ সংবাদ প্ৰহৰী বঁটা,আৰু ৭ জন বিভিন্ন ক্ষেত্ৰত কৰ্মৰত বঁটা প্ৰদান কৰা হয়৷অনুষ্ঠানটিত আদৰণি সমিতিৰ সমূহ সদস্য ড° বলেন্দ্র কুমাৰ দাস,পৱিত্ৰ কুমাৰ শৰ্মা,ডা° মৃন্ময় নাথ,কাঞ্চন সাউদ বৰা,গীতাঞ্জলি বৰ্মন ডেকা,মল্লিকা বৰদলৈ, ডিম্পি ভৰালীকে আদি কৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে৷