আৰোহণ আঁচনিৰ অধীনত কেৰিয়াৰ পৰামৰ্শ অনুষ্ঠান
ড° বুলজিৎ বুঢ়াগোহাঁই
২০২৪ বৰ্ষত আৰোহণ আঁচনিৰ অধীনত ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানৰ দশম শ্রেণীৰ এহেজাৰ অধিক শিক্ষাৰ্থী উপস্থিত থকা কেৰিয়াৰ পৰামৰ্শ অনুষ্ঠানত অংশ গ্রহণ কৰাটো মোৰ বাবে এটা ভাল লগা কথা আছিল । অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আৰোহণ আঁচনিৰ অধীনত অনুষ্ঠিত হোৱা কেৰিয়াৰ পৰামৰ্শ অনুষ্ঠানবোৰৰ চৈধ্যটা অনুষ্ঠানত এজন সমল ব্যক্তি হিচাপে উপষ্ঠিত থাকি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব পৰা আই.টি.আই.ৰ বিভিন্ন ট্রেড আৰু পলিটেকনিকৰ তিনি বছৰীয়া বিভিন্ন ডিপ্লমা পাঠ্যক্রমৰ বিষয়ে আলোচনা কৰোঁ । ব্যক্তিত্বৰ লগতে নিজৰ ৰাপ , পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকত শাখা তথা বিষয়বোৰ কেনেকৈ নিৰ্বাচন কৰিব লাগে আৰু উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান , বাণিজ্য বা বৃত্তিমুখী শাখাত শিক্ষা কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে শিক্ষাৰ্থীসকলে কিদৰে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে সেই বিষয়ে বাখ্যা আগবঢ়াও । বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত প্রয়োজনী সাধাৰণ জ্ঞানৰ বাবে বাতৰি কাকত পঢ়া আৰু ৰেডিঅ’ৰ বাতৰি শুনাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰো। মই অংশ গ্রহণ কৰা চৈধ্যটা কেৰিয়াৰ পৰামৰ্শ অনুষ্ঠানতে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্রশ্নৰ উত্তৰো দিয়ো আৰু ২০০৫ বৰ্ষৰ পৰা প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়ে অৱগত কৰো ।
এইখিনিতে আৰোহণ আঁচনিখনৰ বিষয়ে জনাব বিচাৰিছোঁ । আৰোহণ আঁচনি হৈছে চৰকাৰে ৰাজ্যৰ বিদ্যালয়সমূহৰ মেধাৱী শিক্ষাৰ্থীৰ শৈক্ষিক প্ৰতিভা বিকাশৰ লক্ষ্যৰে ২০২২-২৩ বৰ্ষত আৰম্ভ কৰা এক পদক্ষেপ । এই আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীসকলক একোজনকৈ মেণ্টৰ নিয়োগেৰে দ্বাদশ শ্ৰেণীলৈকে শৈক্ষিক আৰোহণৰ সঠিক দিক নিৰ্দেশনা প্ৰদান কৰে । অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষাৰ্থীসকলক জ্ঞান-অন্বেষণমূলক ভ্ৰমণৰ সুবিধা, পাঠ্যপুথি ক্ৰয় কৰাৰ বাবদ আৰ্থিক অনুদান প্ৰদান আদি বিভিন্ন প্ৰকাৰে সহায় আগবঢ়াই তেওঁলোকৰ সপোন পূৰ্ণ কৰাৰ প্ৰয়াস কৰিছে । এই ২০২৪-২৫ বৰ্ষতো ৩০ জুলাই, ২০২৪ৰ পৰা ১৬নৱেম্বৰ, ২০২৪ লৈ ১৩টা পৰ্যায়ত ৩৩খন জিলাৰ মুঠ ৪৩২৪ গৰাকী শিক্ষাৰ্থী জ্ঞান-অন্বেষণমূলক ভ্ৰমণেৰে সমৃদ্ধ কৰে । তেওঁলোকে ভ্ৰমণৰ সময়ত পৰিদৰ্শন কৰা মুখ্য প্ৰতিষ্ঠান আৰু সংগঠনবোৰ হ’ল– ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি) গুৱাহাটী,অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) গুৱাহাটী, গুৱাহাটী বায়’টেক পাৰ্ক, নাৰেংগী সামৰিক কেন্দ্ৰ,অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়, আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ,গুৱাহাটী তাৰকাগৃহ,অসম ৰাজ্যিক সংগ্ৰহালয়,অসম ৰাজ্যিক চিৰিয়াখানা আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ । শিক্ষাৰ্থীসকলে ভ্ৰমণৰ সময়ত সেনা বিষয়াসকলৰ সৈতে অনুপ্ৰেৰণামূলক আলোচনাসভা, গুৱাহাটী বায়’টেক পাৰ্ক আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰ প্ৰদৰ্শন, আই আই টি গুৱাহাটীত বিশেষজ্ঞৰ সৈতে ভাব-বিনিময়, নাৰেংগী সামৰিক কেন্দ্ৰত অনুষ্ঠিত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে, অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত কেৰিয়াৰ পৰামৰ্শ অনুষ্ঠান অংশগ্ৰহণ কৰে, এইমছ গুৱাহাটী, ৰাজ্যিক সংগ্ৰহালয়, ৰাজ্যিক চিৰিয়াখানা আৰু প্লেনেটেৰিয়াম পৰিদৰ্শনৰ জৰিয়তে শিক্ষাৰ্থীসকল উপকৃত হয়। শিক্ষাৰ্থীসকলৰ মাজত সাংস্কৃতিক বিনিময় আৰু বিশিষ্ট শিল্পীসকলৰ সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰা হয়। মাননীয় শিক্ষা মন্ত্ৰীৰ সৈতে ভাব-বিনিময় অনুষ্ঠানো আয়োজন কৰা হৈছিল। আৰোহণ আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিয়মীয়া পাঠ্যক্ৰমৰ বাহিৰেও শৈক্ষিক আৰু পেছাদাৰী সুযোগৰ সৈতে পৰিচিত হয়, যাৰ ফলত তেওঁলোকৰ বৌদ্ধিক বৃদ্ধি আৰু সামগ্ৰিক ব্যক্তিত্ব বিকাশত উৎসাহিত কৰে। শিক্ষাৰ্থীসকলৰ মংগলৰ বাবে গ্রহণ কৰা আৰোহণ আঁচনিখনৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ।